• সাৱধান ! ৰুটি খালে হ’ব পাৰে কেন্সাৰ ; এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

    জীৱন শৈলী
    সাৱধান ! ৰুটি খালে হ’ব পাৰে কেন্সাৰ ; এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য
    ডিজিটেল ডেস্কঃ ভাৰতীয় খাদ্যত ব্যৱহৃত এটি গুৰুত্বপূৰ্ণ খাদ্য হৈছে ৰুটি ৷ আচলতে উত্তৰ ভাৰতত প্ৰায়খিনি মানুহে তাৱাৰ সলনি পোনে পোনে জুইত ৰুটি বনাই ৷ বহু ঠাইত ই তেনেই সাধাৰণ কথা ৷ কিন্তু শেহতীয়াকৈ কৰা গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰত্যক্ষভাৱে জুইত ৰুটি বনালে ই কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে ৷ জানো আহক ইয়াৰ সবিশেষ -

    এক অধ্যয়নৰ মতে উচ্চ উষ্ণতাত ৰন্ধা কাৰ্য্যৰ ফলত হেটেৰ’চাইক্লিক এমাইন (HCAs) আৰু পলিচাইক্লিক এৰোমেটিক হাইড্ৰ’কাৰ্বন (PHAs) নিৰ্গমন হয়, যিবোৰক কাৰ্চিনোজেন বুলিও কোৱা হয় ৷ গৱেষণাৰ মতে, গাহৰিৰ মাংস, মাছ আৰু হাঁহ-কুকুৰাকে ধৰি মাংসক কেৰাহীত অধিক উষ্ণতাত ৰন্ধা হয় বা পোনে পোনে জুইত গ্ৰীল কৰা হয় তেতিয়া ইয়াৰ ফলত কাৰ্চিনোজেনিক ৰাসায়নিক পদাৰ্থও উৎপন্ন হয় আৰু কেন্সাৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। এক গৱেষণা পত্ৰৰ তথ্য অনুসৰি ৭৯ শতাংশ লোকে হেমবাৰ্গাৰ খায় প্ৰষ্টেট কেন্সাৰত ভুগিব পাৰে প্ৰচুৰ পৰিমাণে ।


    দৰাচলতে, ২০১৮ চনত জাৰ্নেল অৱ ফুড ছায়েন্সত প্ৰকাশিত এক অধ্যয়ন অনুসৰি উচ্চ উষ্ণতাত পোনপটীয়াকৈ ৰুটি বা যিকোনো খাদ্য সামগ্ৰী ৰান্ধিলে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ ড৹ জে.এছ. লি, জে.এইচ. কিম, ৱাই.জে. লিয়ে "ৰন্ধা সময়ত খাদ্যত বহুচক্ৰীয় সুগন্ধি হাইড্ৰ'কাৰ্বন (PAH) গঠন" ( প্ৰতিবেদন ) অধ্যয়নত অংশগ্ৰহণ কৰিছিল ৷

    কৰ্কট ৰোগৰ সম্ভাৱনা কেনেকৈ হ্ৰাস কৰিব পাৰি?

    ৰুটি নজ্বলাব : আপুনি ৰান্ধি থাকোঁতে সদায় লক্ষ্য কৰিব যাতে ৰুটিখন বেছিকৈ জ্বলি নাযায়৷  ৷ বাৰে বাৰে ঘূৰাই থাকিলে আপুনি দেখিব পাৰে যে ই জ্বলি নাযায় ৷ খোৱাৰ আগতে জ্বলি যোৱা ৰুটিৰ ক’লা অংশবোৰ আঁতৰাই পেলোৱাটো ভাল ৷

    কমকৈ খাব: যিমান পাৰে জুইত ৰন্ধা ৰুটি কমকৈ খাব ৷

    কেৰাহীত ৰুটি বনাব পাৰে : পোনপটীয়াকৈ জুইত ৰুটি বনোৱাতকৈ কেৰাহীত বা তাৱাত বনাওক৷