ডিজিটেল ডেস্ক: যোগৰ বহুতো স্বাস্থ্য উপকাৰীতা আছে। এই বিষয়ে আপুনি হয়তো বহুত ভালদৰেই জানে, কিন্তু সময়ৰ অভাৱত বহুতে যোগাসন কৰাৰ পৰা বিৰত থাকে। কিন্তু আপুনি জানেনে এনে বহুতো যোগ আছে যাৰ বাবে সময়ৰ প্ৰয়োজন নাই। আপুনি যিকোনো সময়তে আৰু যিকোনো ঠাইতে এই যোগসমূহ কৰিব পাৰে। তেনে এটা যোগ হ’ল দুয়োখন হাতৰ নখসমূহ ঘৰ্ষণ কৰা । হয়, নখ ঘঁহি দিয়াও এক যোগাসন। এই যোগ অভ্যাসৰ বহু স্বাস্থ্য উপকাৰিতা আছে। বিশেষকৈ চুলিৰে নখ ঘঁহিলে বহুখিনি লাভ হ’ব পাৰে। আজি এই লেখাত আমি নখ ঘৰ্ষণৰ স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে ক'ম।
চুলি সৰা কম হয়
নিয়মিতভাৱে দুয়ো হাতৰ নখ ঘৰ্ষণে শৰীৰত থকা Dihydrotestosterone হৰম’নৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ ফলত চুলিৰ ভাল বৃদ্ধি হয়। লগতে সৰি পৰা আৰু নিৰ্জীৱ চুলিৰ পৰাও আপুনি মুক্তি পাব পাৰে। কেৱল এয়াই নহয়, নিয়মিতভাৱে এই কাম কৰিলে বগা চুলি, অনিদ্ৰা আদি সমস্যা কমাব পাৰি।
মানসিক চাপ দূৰ কৰে
এই যোগাসন কৰিলে ৰিফ্লেক্স’লজী ৰিফ্লেক্স এৰিয়াত হেঁচা পৰে। এই হেঁচাত শৰীৰত হোৱা বিষ আৰু মানসিক চাপ কমাব পাৰি। তদুপৰি ই মানসিক চাপও কমাব পাৰে।
তেজৰ সঞ্চালন উন্নত কৰা
নখ ঘৰ্ষণ কৰিলে আমাৰ শৰীৰৰ বহু অংগই সকাহ পায়। লগতে তেজ চলাচল কৰাত সহায় কৰে। নিয়মিতভাৱে এই যোগাসন কৰিলে হাওঁফাওঁৰ সমস্যা আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা হ্ৰাস কৰিব পাৰি।
Leave A Comment