• শনিবাৰে কি কি কাম ভুলতো কৰিব নালাগে জানি লওক! নহ'লে পৰিব শনিৰ কোপদৃষ্টি

    জীৱন শৈলী
    শনিবাৰে কি কি কাম ভুলতো কৰিব নালাগে জানি লওক! নহ'লে পৰিব শনিৰ কোপদৃষ্টি
    ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিনেই কোনোবাজন দেৱতাৰ নামত উৎসৰ্গিত। ঠিক তেনেদৰে শনিবাৰটো ভগৱান শনিৰ নামত উৎসৰ্গিত কৰা হয়। বিশ্বাস কৰা হয় এজন ভক্তই যদি শনিবাৰে শুদ্ধ মনেৰে শনি দেৱক উপাসনা কৰে, তেন্তে তেওঁৰ সকলো সমস্যা আঁতৰ হয়। শনিদেৱে ভক্তক কৰ্ম অনুসৰি ফল দিয়ে। 

    যিজনে ভাল কৰ্ম কৰে, তেওঁ ভাল ফলাফল পায় আৰু যিসকলে বেয়া কাম কৰে, তেওঁলোকে বেয়া ফলাফল পায়। যদি কোনো এজন ব্যক্তিৰ ওপৰত শনিৰ বেয়া দৃষ্টি পৰে, তেন্তে তেওঁ বহুত দিনৰ বাবে নানান ধৰণৰ সমস্যাৰ সন্মুখীন হয়। সেয়েহে, শনিক দেৱতাক সন্তুষ্ট কৰিবলৈ শনিবাৰে কিছুমান কাম কৰিব নালাগে। কি কাম কৰিব নালাগে আজি এই বিষয়ে জানো আহক-

    ভুলতো এই কাম নকৰিব শনিবাৰে 
    ১. শনিবাৰে কেতিয়াও ক'লা তিল কিনিব নালাগে। এই দিনটোত ক'লা তিল কিনাটোৱে কামত বাধা দিয়ে। শনি দশা আঁতৰাবলৈ আপুনি শনিবাৰে আঁহত গছৰ তলত  ক'লা তিল আগবঢ়াব পাৰে।
    ২. শনিবাৰে দৰিদ্ৰ বা অসহায় ব্যক্তি তথা মহিলাক অপমান কৰিব নালাগে।
    ৩. এইটো দিনত আপুনি ভুলতো সুৰা সেৱন নকৰিব। শনিবাৰে সুৰা সেৱন কৰিলে শনিৰ অভিশাপৰ সন্মুখীন হ'ব পাৰে আপুনি। 
    ৪. শনিবাৰে নখ আৰু চুলি নাকাটিব।
    ৫. বিশ্বাস কৰা হয় এই দিনটোত নিমখ ক্ৰয় কৰিলে ঋণৰ বোজা বৃদ্ধি হয়।
    ৬. এই দিনটোত পূব, উত্তৰ আৰু উত্তৰ-পূব দিশত ভ্ৰমণ নকৰিব। যদি কিবা কামৰ বাবে ওলাব লাগে তেনেহ'লে ঘৰৰ পৰা ওলোৱাৰ ঠিক আগতে এটুকুৰা আদা খাই ওলাব।
    ৭. ভুলতো শনিবাৰে গাখীৰ বা দৈ নাখাব।
    ৮. ক'লা জোতা শনিবাৰে কিনিব নালাগে যদি ক্ৰয় কৰে ক'লা জোতাৰ ফলত কামত বিফলতা আহে। 
    ১০. কেতিয়াও মিছা কথা কব নালাগে শনিবাৰে ।
    ১১. এই দিনটোত তেল, কাঠ, কয়লা, লো ক্ৰয় কৰাটোও অশুভ বুলি গণ্য কৰা হয়।