• আপুনিও ব্যৱহাৰ কৰে নেকি ফ্ৰ’জেন মটৰ? খোৱাৰ আগতে জানি লওক এই বিশেষ কথাখিনি...

    জীৱন শৈলী
    আপুনিও ব্যৱহাৰ কৰে নেকি ফ্ৰ’জেন মটৰ? খোৱাৰ আগতে জানি লওক এই বিশেষ কথাখিনি...
    ডিজিটেল ডেস্ক : সেউজীয়া মটৰ বহু লোকৰে প্ৰিয়। ইয়াক যিকোনো ধৰণেই ব্যঞ্জনত ব্যৱহাৰ কৰা হয়। শীতকালত সেউজীয়া মটৰ সতেজকৈ পোৱা যায় যদিও বছৰৰ অন্য সময়ত মানুহে ফ্ৰ’জেন মটৰ ব্যৱহাৰ কৰে। ফ্ৰ’জেন মটৰ সতেজ মটৰৰ তুলনাত কম পুষ্টিকৰ আৰু অতিৰিক্তভাৱে বিভিন্ন ধৰণে স্বাস্থ্যৰ পক্ষে ক্ষতিও হ’ব পাৰে। সবিশেষ জানো আহক...

    * ডায়েবেটিছঃ-মটৰ সতেজ কৰি ৰাখিবলৈ ইয়াত ষ্টাৰচ যোগ কৰা হয়। এই ষ্টাৰচে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাত সহায় কৰে। ফ্ৰ’জেন মটৰ খালে এই ষ্টাৰচ শৰীৰত গ্লুক’জলৈ ৰূপান্তৰিত হয়। গ্লুক’জ তেজৰ লগত মিহলি হৈ তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ ফলত ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

    * হৃদৰোগঃ-ফ্ৰ’জেন বা পেক কৰা মটৰত ট্ৰেন্স ফেট থাকে। ট্ৰেন্স ফেটে এল ডি এল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে আৰু এইচ ডি এল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। 

    * গুণগত মান হ্ৰাস পায়ঃ-সতেজ মটৰৰ তুলনাত ফ্ৰ’জেন মটৰত পুষ্টিকৰ উপাদান কম। কাৰণ ফ্ৰ’জেন মটৰ সংগ্ৰহ কৰাৰ পাছত সোনকালে ঠাণ্ডা কৰা হয় যাতে ইয়াত থকা পুষ্টিকৰ পদাৰ্থবোৰ নষ্ট নহয়। কিন্তু বহু সময় ফ্ৰীজত ৰাখিলে এই পুষ্টিকৰ উপাদানসমূহৰ কিছু পৰিমাণে হ’লেও ক্ষতি হ’ব পাৰে।