ডিজিটেল ডেস্কঃ এতিয়া গৰম বন্ধৰ বতৰ। গৰম বন্ধৰ বাবে প্ৰতিজন শিক্ষাৰ্থীয়ে বৰ আশাৰে বাট চায়। ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ বাবেও গৰম বন্ধৰ দিনকেইটা বৰ সকাহৰ দিন।
শৈশৱ বুলি ক’লে যিবোৰ কথা মনলৈ আহে তাৰ ভিতৰত গৰম বন্ধৰ দিনকেইটাও অন্যতম। গৰম বন্ধত কিমান যে প্ৰস্তুতি আৰু কিমান যে কল্পনা জল্পনা কৰে সকলোৱে।
পৰিয়ালৰ মানুহৰ ঘৰত ফুৰিবলৈ যোৱাটো গৰম বন্ধৰ দিনবোৰৰ আন এটা এৰাব নোৱাৰা কাম।বিশেষকৈ সকলোৱে এপাক মোমায়েকৰ ঘৰলৈ যোৱাটো আশা কৰে। সম্পৰ্কীয় মানুহৰ মাজত মিলাপ্ৰীতিৰ বান্ধোন কটকটীয়া কৰি তোলে গৰম বন্ধই। মামা-মামী, মাহী, ককা-আইতা আদিৰ মৰমৰ পৰশত জীপাল হয় শিশু-কিশোৰৰ মন। মুকলিকৈ ঘূৰিবলৈ, ফুৰিবলৈ পায় তেওঁলোকৰ মনবোৰ অধিক আনন্দময় হৈ উঠে।
বহুতে আত্মীয়ৰ ঘৰলৈ নগৈ কোনো কোনো বিশেষ ঠায়ো ভ্ৰমণ কৰে। কোনোবা যদি যায় পাহাৰৰ দেশলৈ আন কোনোবা বৰফৰ দেশলৈ। আকৌ কোনোবা যায় ঐতিহাসিক সমলেৰে ভৰপূৰ স্থান পৰিদৰ্শন কৰিবলৈ।
আগৰ পৰিৱেশৰ দৰে এতিয়াৰ পৰিৱেশ নহয়। এতিয়াৰ গৰম বন্ধ মানে এবোজা গৃহকৰ্ম, বিভিন্ন কৰ্মশালা, ছামাৰ কেম্প ইত্যাদি। অৱশ্যে ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকৰ্ষও সাধন হয়। গৰম বন্ধৰ দিনকেইটাত অভিভাৱক সকলে সন্তানে কি কৰি ভাল পায় সেই কথাত গুৰুত্ব দি তেওঁলোকৰ মানসিক দিশ উন্নত কৰাত হাতউজান দিব পাৰে।
Leave A Comment