• মধুৰিআমৰ‌ পাত স্বাস্থ্যৰ বাবে অতি উপকাৰী,পঢ়ক ইয়াৰ গুণাগুণসমূহ

    জীৱন শৈলী
    মধুৰিআমৰ‌ পাত স্বাস্থ্যৰ বাবে অতি উপকাৰী,পঢ়ক ইয়াৰ গুণাগুণসমূহ
    ডিজিটেল ডেস্ক: মধুৰিআম ফলৰ লগতে ইয়াৰ পাত স্বাস্থ্যৰ বাবেও অতি উপকাৰী। যদি আপোনাৰ দৈনিক চাহ কাপ মধুৰিআমৰ‌ পাতৰ পৰা বনাই সেৱন কৰা হয়, তেন্তে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত আৰু পেটৰ বিষৰ দৰে বহু সমস্যা দূৰ কৰাত যথেষ্ট সহায় কৰে।

    আমি সকলোৱে জানো যে মধুৰিআম স্বাস্থ্যৰ বাবে অতি উপকাৰী। ফাইবাৰ, ভিটামিন চি, লাইকোপিন আৰু এন্টিঅক্সিডেন্ট আদিৰে ভৰপূৰ এই ফল  খালে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা উপশম পোৱা যায় আৰু পেট পৰিষ্কাৰ কৰাত সহায় কৰে। কিন্তু আপুনি জানেনে যে মধুৰিআমৰ‌ লগতে মধুৰিআমৰ‌ পাতো স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ইয়াৰ পাতবোৰ ভিটামিন চিৰ দৰে এন্টিঅক্সিডেন্ট আৰু কুৱেৰচেটিনৰ দৰে ফ্লেভন’ইডৰ শক্তিৰ কেন্দ্ৰবিন্দু।ঢ়গতিকে মধুৰিআমৰ‌ পাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

    ১/ ডায়েৰিয়াত উপকাৰী

    অধ্যয়ন অনুসৰি মধুৰিআম পাত গ্ৰহণ কৰিলে ডায়েৰিয়াৰ সাধাৰণ কাৰণ ষ্টেফাইলোক’কাছ অৰেয়াছ বেক্টেৰিয়াৰ বৃদ্ধিত বাধা দিয়ে। প্ৰতিবেদন অনুসৰি ডায়েৰিয়াত ভুগি থকা লোকসকলে মধুৰিআম‌ পাতৰ চাহ খালে পেটৰ বিষ, ক্ৰেম্প আৰু ডায়েৰিয়াৰ সমস্যাৰ পৰা সকাহ পায়। ইয়াৰ বাবে মধুৰিআমৰ পাতৰ কুমলীয়া আগ একাপ কুহুমীয়া পানীত দি পানীখিনি ফিল্টাৰ কৰি খালী পেটত খোৱাৰ ফলত সোনকালে সকাহ পোৱা যায়।

    ২/ কলেষ্টেৰল কমায়

    এক গৱেষণাৰ মতে, পেঁপাপাতৰ চাহ খালে কলেষ্টেৰল কমোৱাত সহায়ক হয়। দৰাচলতে পেঁপা পাত চৰ্বি হ্ৰাস কৰাত ফলপ্ৰসূ, যাৰ ফলত হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ অগ্ৰগতি ৰোধ কৰিব পাৰি।


    ৩/ ডায়েবেটিছত ফলপ্ৰসূ

    মধুৰিআমৰ পাতৰ থকা যৌগবোৰে  চুক্ৰ’জ আৰু মাল্ট’জ  শোষণত বাধা দি খাদ্য খোৱাৰ পিছৰ তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মধুৰিআম পাতৰ চাহে কেইবাটাও ভিন্ন এনজাইম বাধা দিয়ে, যিয়ে পাচনতন্ত্ৰত কাৰ্বহাইড্ৰেটক গ্লুক’জলৈ ৰূপান্তৰিত কৰে। এনে অৱস্থাত তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰিত হয়, যিটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।


    মধুৰি পাত কেনেকৈ সেৱন কৰিব লাগে

    ইয়াৰ বাবে আপুনি একাপ পানী উতলাই তাত ৩-৪ টা সতেজ মধুৰি পাত দি তাৰ পিছত ফিল্টাৰ কৰি এই পানী খাব। ইয়াৰ ফলত আপোনাৰ বহু সমস্যাৰ সমাধান হ’ব।