ডিজিটেল ডেস্কঃ দৈ খায় সকলোৱে ভালপায়। দৈ অতি পুষ্টিকৰ খাদ্য। দৈ কেনেদৰে প্ৰস্তুত কৰিলে সোৱাদযুক্ত হয় জানি লওক।
১) যদি দৈ বজাৰৰ হয়, তেন্তে দ্বিতীয় দিনাই যে টেঙা নহ’ব তাৰ কোনো নিশ্চয়তা নাই। কিন্তু, যদি আপুনি ঘৰতে দৈ বনায়, তেন্তে সঠিকভাৱে চেট কৰা উচিত। প্ৰথমতে মনত ৰাখিব লাগিব যে দৈ বনাবলৈ সম্পূৰ্ণ ক্ৰীম গাখীৰ ব্যৱহাৰ কৰক
২) দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি দৈ কেৱল মাটিৰ পাত্ৰত ৰাখক। গ্ৰীষ্মকালত মাটিৰ পাত্ৰত দৈ ৰাখিলে টেঙা নহয়। দৈ চেট কৰিবলৈ গাখীৰ ভালদৰে উতলাই লওক। ইয়াৰ পিছত তাত আধা চামুচ দৈ দি ভালদৰে মিহলাই লওক। তাৰ পিছত মাটিৰ পাত্ৰ এটাত চাৰিওফালে দৈ লগাই তাৰ পিছত তাত গৰম গাখীৰ ঢালি দিয়ক। গাখীৰ দিয়াৰ পিছত বাচনটো লৰচৰ নকৰাকৈ প্লেট এখনেৰে ঢাকি দিব।
৩) দৈ প্ৰস্তুত কৰাৰ সৰ্বোত্তম সময় হ’ল সন্ধিয়া ৫ৰ পৰা ৬ বজাৰ ভিতৰত। গৰমত দৈ সোনকালে কঠিন হৈ পৰে। যদি আপুনি দৈ ছেট কৰাৰ প্ৰক্ৰিয়াটো সন্ধিয়া ৬ বজাত সম্পূৰ্ণ কৰে, তেন্তে ৰাতি ১০ৰ পৰা ১১ বজাৰ ভিতৰত আপুনি দৈ প্ৰস্তুত হোৱা দেখিবলৈ পাব কিন্তু লগে লগে ব্যৱহাৰ নকৰিব। দৈ ব্যৱহাৰ নকৰাকৈ ফ্ৰীজত ৰাখিব। ৰাতিপুৱা অতি ডাঠ আৰু মিঠা দৈ খাবলৈ পাব।
Leave A Comment