আঞ্চলিক
১৭ ডিচেম্বৰ ২০২৪, মঙলবাৰ
মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং ৰঙা। পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব। প্রৱাসত থকা সন্তানক লৈ চিন্তিত বুজায়। প্রতিযোগিতামূলক কামত সফল হ'ব। প্রেম প্রীতি লাভ, বিদ্যার্থীৰ একাগ্রতা বৃদ্ধি।
বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২, ৬। শুভ ৰং গেৰুৱা। বিদ্যার্থীৰ বিদ্যাত বিচক্ষণ বুদ্ধিৰ প্ৰকাশ। দিনটো আগুৱাই যোৱাৰ লগে লগে ক্রমে মনটোও • ফৰকাল পার। মান-মর্যাদা লাভ। হঠাৎ কোনে সু-খবৰ পাব।
মিথুনঃ ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্ৰহ ৰবি, বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং সোণালী। পুৰণা দিনৰ কথা মনলৈ আহিব। সংগ দোষ এৰাই চলক। আর্থিক সমস্যাই আমনি দিব। ঋণ-ধাৰ কৰিব লগা হ'ব পাৰে।
কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড,হ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং গেৰুৱা। সন্তান প্রীতি বাঢ়িব। সৎ বন্ধু লাভ। কৰ্মত শত্ৰুৰ পৰা ভয়। বিভিন্ন সমস্যাৰ মাজেদিহে কর্মোন্নতি।
সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা। স্বাস্থ্য আন দিনাতকৈ উন্নত। দাম্পত্য জীৱন গতানুগতিক। কোনো কথাত কাৰো লগত মনোমালিন্য হ'ব পাৰে। কোনো সু-খবৰ পাব লগা আছে যদিও দুষ্ট চক্রৰ পাকচক্ৰত পৰি সময়ত নেপাবও পাৰে।
কন্যা: ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভ ৰং সেউজীয়া। বন্ধু-বান্ধৱৰ আগমন হ'ব পাৰে। ঘৰৱা পৰিৱেশ শুভাশুভ মিশ্রিত। কাপোৰ, হোটেল, পণ্য দ্ৰব্যৰ ব্যৱসায়ত উন্নতি।
তুলা: ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ বেঙুনীয়া। দিনটো ভালেই যাব। শাৰীৰিক দিশত আমনি কম। কর্মত সহায়-সহযোগ পাব। ঘৰুৱাত চকু ৰাখক।
বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং মাখন। ৰাশিৰ কেন্দ্ৰত তিনটা গ্রহ, শুভদায়ক একাৱলী যোগ, উভয়চৰী যোগ আদি থকাত প্রায় কর্মতে সুফল পাব। অৱশ্যে, স্বাস্থ্যৰ প্ৰতি চকু ৰাখক।
ধনু: ৰাশিৰ আদ্যাক্ষৰ ধ, ফ,ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্ৰ। শুভ সংখ্যা ২, ৩। শুভ ৰং মুগা। শিল্পী-সাহিত্যিক তথা বুদ্ধিজীবীৰ বাবে অনুকূল। বিদ্যাত শুভ। বিয়া-বাৰুৰ যোগাযোগত সুফল পাব।
মকৰ: ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰ্ক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং ক'লা। ব্যৱসায়ত বিভিন্ন সমস্যাই বাধা দিলেও আর্থিক দিশত লাভৱান হ'ব। দাম্পত্যত মধ্যম। অসৎ সংগৰ পৰা সতর্ক থাকক।
কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং ২ বগা। হঠাৎ কোনো সু-খৱৰ পাই মন প্রফুল্লিত। আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ থাকিব। সংগীত আদি কলাত দক্ষতা প্রকাশ।
মীন: ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং হালধীয়া। আধ্যাত্মিক চিন্তা-চর্চা কৰি ভাল পাব। শৰীৰ প্ৰায় ভালেই। প্রতিদ্বন্দ্বিতামূলক কামত সফল হ'ব। কর্মত
Leave A Comment