বৃহস্পতিবাৰ, ২৬ ডিচেম্বৰ ২০২৪
মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং বেঙুনীয়া। ৰাশিৰ কেন্দ্রত তিনিটা গ্রহ, ৰাশ্যাধিপতি ৰাশিৰ কেন্দ্রত, উভয়চৰী আদি যোগৰ প্রভাৱত দিনটো প্রায় ভালেই যাব। আৱেগৰ বশৱর্তী হৈ কামত আগ নবঢ়াই ভাল।
বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২, ৬। শুভ ৰং কমলা। ঘৰুৱা পৰিবেশ গতানুগতিক। কয়লা, লোহা, চাহ আদিৰ ব্যৱসায়ত প্রচুৰ উন্নতি। উপৰুৱা চিন্তাই বিদ্যার্থীৰ বিদ্যার্জনত বাধা।
মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ বুধ, ৰবি। শুভ সংখ্যা ১, ৫। শুভ ৰং সোণালী। শৰীৰ মজলীয়া। কোনোৱে ভ্রমণৰ যো-জা কৰিব। সামাজিক প্রতিপত্তি, মান-মর্যাদা অটুট থাকিব।
কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং বাদামী। নতুন বন্ধু লাভ। বিদ্যা- বুদ্ধিত ভালেই। পাৰিবাৰিক জীৱনত কিবা এটা অপ্রকাশ্য বেদনা। শত্রুৰ প্রভাৱ কমিব।
সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্রহ ববি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং বগা। সামাজিক কামত মনোনিৱেশ। জনপ্রিয়তা বাঢ়িব। হাতলৈ ধন আহিলেও লগত খৰচৰ বাট লৈহে আহিব। সন্তানক লৈ চিন্তিত।
কন্যা: ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং বগা। শৰীৰ মোটামুটি ভালেই। ঘৰুৱা পৰিৱেশ উন্নত কৰাৰ চেষ্টা কৰক। সৰু-সুৰা কথাতে খং-ৰাগ উঠিব পাবে
তুলা: ৰাশিৰ আদ্যাক্ষৰ ব, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং বগা। ৰাশিত চন্দ্ৰ, ৰাশ্যাধিপতি ৰাশিৰ কেন্দ্ৰত, শুভকাৰক বিৰল একাৱলী যোগ, উভয়চৰী আদি বহুত শুভযোগ থকাত আহিব লগা বহুত বিপদ-আপদৰ পৰা ৰক্ষা পাব।
বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মণ্ডল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং সেউজীয়া। আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ থাকিব। সামাজিক কামত নেতৃত্ব লোৱা ব্যক্তি, চিকিৎসক আদি বৃত্তিধাৰীৰ বাবে উন্নত দিন। প্রেমত শুভ।
ধনু: ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং হালধীয়া। দিনটো ভাল ধৰণেই পাৰ হ'ব। কোনো মাংগলিক কৰ্মৰ যো-জা হ'ব পাৰে। কোনো কাৰণত পিতৃ-মাতৃৰ মনত উদ্বেগ-উদ্বিগ্নতা।
মকৰ: ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং কফি। দিনটো ভালেই যাব। ফার্মাচি, কাপোৰ, হোটেল, পণ্য দ্রব্য আদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি। শিল্পী, সাহিত্যিকৰ বাবে শুভ।
কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং ৰঙা। ধর্মীয় কর্মত মনোযোগ। কর্মত দৃঢ়তা আৰু দক্ষতা প্রকাশ। নিজৰ মততে লাগি নাথাকি আনৰ মতামতকো বিবেচনা কৰক।
মীন: ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং গেৰুৱা। সা-সম্পত্তি লোৱাৰ পৰিকল্পনা হ'ব। ৰাজহুৱা কামৰ মাজেদি সম্মান বৃদ্ধি। ঘৰুৱা জীৱন গতানুগতিক। চাকৰি-প্রার্থীয়ে কর্ম সংস্থাপনৰ সু-খবৰ পাব। কোনোৱে কফজনিত অসুখত ভুগিব পাৰে।
Leave A Comment