২৯ ডিচেম্বৰ ২০২৪, দেওবাৰ
মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ ৰবি, মঙল।শুভ সংখ্যা ১, ৯। শুভ ৰং হালধীয়া। শৰীৰৰ প্রতি যত্ন ৰাখক।পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব। পিতৃ-মাতৃ আপোনাক লৈ সুখী। শুভাকাংক্ষীৰ আগমন।
বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২, ৬। শুভ ৰং সেউজীয়া। নতুন সা-সম্পত্তি লোৱাৰ যো-জা চলিব পাৰে। ব্যৱসায়ত উন্নতি। দাম্পত্যত সুখী ক্ষেত্র বিশেষে মান-মর্যাদা লাভ। প্রেম প্রীতিত শুভ।
মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ ৰবি, বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং ৰঙা। শত্রুৰ প্রভাৱ থাকিলেও আপুনি শত্রুজয়ী হ'ব। বিবাহযোগ্যৰ বিবাহৰ যোগাযোগত শুভ। আর্থিক উন্নতিৰ মৃদু যোগ।
কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং গেৰুৱা। আপুনি সততাৰে কাৰোবাক সহায় কৰিলেও মানুহে সন্দেহৰ চকুৰেহে চাব। ৰাজনীতিত নিজ প্রতিভা প্রকাশ পাব।
সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্রহ ৰবি, মণ্ডল। শুভ সংখ্যা ১, ৯। শুভ ৰং ৰূপালী। কোনো এটা সুখবৰ পোৱাৰ আশাত মনত উদ্বিগ্নতা। এলাহ ভাবক প্রশ্রয় নিদিব। বিদ্যার্থীয়ে পাৰদৰ্শিতা দেখুৱাব পাৰিব। বিয়া-বাৰুৰ কথাত জটিলতা। বন্ধুবৰ্গৰ লগত ভালেই।
কন্যা: ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫. ৭। শুভ ৰং বগা। ধর্মীয় কর্মত মনোনিৱেশ কৰি ভাল পাব। সংগীত, নৃত্য, নাটক আদি কলাত পাৰদৰ্শিতা।
তুলা: ৰাশিৰ আদ্যাক্ষৰ ব, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং সেউজীয়া। শৰীৰ মোটামুটি ভালেই। সন্তান প্রীতি বাঢ়িব। বিদ্যাত মধ্যম। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা।
বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং গুলপীয়া। স্বাস্থ্য মজলীয়া, পুৰণা ৰোগীয়ে আৰোগ্যৰ সন্ধান পাব। সন্তান প্রীতি বাঢ়িব। দাম্পত্য জীৱন মোটামুটি সুখৰেই।
ধনু: ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি,চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং বাদামী। শৰীৰৰ প্রতি যত্ন ৰাখক। কোনোৱে ৰক্তচাপজনিত অসুখত ভুগিব পাৰে। দাম্পত্যত মধ্যম। খৰচৰ মাত্রা বৃদ্ধি।
মকৰ: ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং পিঁয়াজী। সংগীত, নৃত্য আদি কলাত সুখ্যাতি লভিব। ভাতৃৰ পৰা সুখী। কোনোৱে লোক নিন্দা শুনিবলৈ পাব।
কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং সেউজীয়া। ৰাশিৰ কেন্দ্ৰত পাঁচোটা গ্রহ, ৰাশ্যাধিপতি ৰাশিতে থকাৰ উপৰি মঙল-চন্দ্ৰৰ ক্ষেত্ৰ বিনিময় যোগ আদি শুভ যোগ থকাত প্রায় ক্ষেত্রতে সুফল পাব।
মীন: ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং ৰঙা। স্বাস্থ্য প্রায় ভালেই। কোনো জৰুৰী কামৰ বাবে পর্যাপ্ত ধন হাতত নথকাত ধাৰ কৰিব লগা হ'ব পাৰে। প্ৰৱাসত থকা সন্তানক লৈ চিন্তিত। ধর্মীয় কর্মত মনোযোগ। বন্ধু-বান্ধৱযুক্ত পৰিৱেশ ভাল পাব।
Leave A Comment