ডিজিটেল ডেস্কঃ আজি ২০২৩ চনৰ ১৩ ছেপ্টেম্বৰ, বুধবাৰ। আজি কেনে যাব আপোনাৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল-
১. মেষ ৰাশি (অ,ল): মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত নতুন কৰ্ম লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত আমনি লাগিব পাৰে লগতে মনত সামান্য
অহং ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব,ই): বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ হ’ব, ধন লাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে জ্যেষ্ঠজনৰ পৰা মনত সামান্য আঘাত পোৱাৰ যোগ
দেখা যায়।
৩. মিথুন ৰাশি (ক,ছ): মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব কিন্তু আজি আপুনি সজাগ নহ’লে কৰ্ম সামান্য বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে লগতে সামান্য
ক্ষতি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি (ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ সহায়-সহযোগিতা লাভ কৰিব পাৰে৷ প্ৰেমৰ অধ্যায়ত নতুন গতি ৷
৫. সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মতৰ্ম শুভ হ'ব লগতে আজি আপোনাৰ আমোদ প্ৰমোদ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ): কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য আবেগিক ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ
পাৰিবাৰিক দিশত সামান্য মনোমালিন্য বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য খং ভাৱ বাঢ়িব পাৰে, মনত সামান্য ভয় ভাৱ বৃদ্ধি হ'ব পাৰে লগতে সামান্য মনোমালিন্য হোৱাৰ যোগ
দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব। প্ৰেমত শুভ হ'ব যদিও আজি সকলো দিশতে সতৰ্ক হোৱাটো ভাল হ'ব।
৯. ধনু ৰাশি (ধ,ভ): ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব যদিও আজি আপুনি কৰ্মক্ষেৰ্মত সজাগ নহ'লে সামান্য বুদ্ধি হ্ৰাস হ'ব পাৰে লগতে সামান্য চকুৰ ৰোগ বৃদ্ধি
হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, ধন লাভ হ'ব লগতে আজি আপুনি কৰ্মক্ষেত্ৰত আনৰ প্ৰশংসা লাভ কৰাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি (গ,শ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ শুভ হ'ব, ৰোগৰ পৰা আৰোগ্য হ'ব। আজি আপুনি সজাগ নহ'লে মনত আৰু কৰ্মক্ষেত্ৰত সামান্য নিৰাশাৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি (দ,চ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব৷ প্ৰেমাস্পদৰ পৰা আশা নকৰাকৈ উপহাৰ লাভ৷ সন্ধিয়ালৈ বন্ধু দৰ্শন৷
Leave A Comment