• ঘৰৰ ওচৰতে থকা বাট-পথৰ অৱস্থান কেনে হ’লে সুখ বৃদ্ধি পায়, বাস্তুৰ বিধান জানো আহক

    জীৱন শৈলী
    ঘৰৰ ওচৰতে থকা বাট-পথৰ অৱস্থান কেনে হ’লে সুখ বৃদ্ধি পায়, বাস্তুৰ বিধান জানো আহক
    ডিজিটেল ডেস্কঃ ঘৰ আদিৰ লগতে বাট-পথ আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো বাস্তু শাস্ত্ৰৰ বিধান মানি চলিব পাৰিলে ভাল। ভূমিৰ সৈতে বাট-পথ আদি কিদৰে সংযুক্ত হৈ আছে, সেই বিষয়ৰ ওপৰতো ঘৰৰ গৃহস্থৰ সুখ-শান্তিৰ বিষয়টো ভালেখিনি নিৰ্ভৰ কৰে। এইক্ষেত্ৰত বাট-পথ আদিৰ অৱস্থানৰ কিছু কথা ইয়াত উল্লেখ কৰা হ'ল।

    (ক) যি ভূমিৰ উত্তৰ আৰু পূব পিনে ৰাস্তা থাকে সেই ভূমিক ঈশান খণ্ডি ভূমি বুলি কোৱা হয়। এনেধৰণৰ ঈশান খণ্ডি ভূমিত ঘৰ সাজিলে গৃহস্থৰ সুখ শান্তি বৃদ্ধি পোৱাৰ লগতে ধন-সম্পত্তি বৃদ্ধি পায়। যি ভূমিৰ মাজেৰে ৰাস্তা পাৰ হৈ গৈছে তেনে ভূমিক বীথীশূলা ভূমি বুলি কোৱা হয়। এনে ভূমিত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ নানান অপায়-অমংগল হোৱাৰ আশংকা থাকে। যি ভূমিৰ পশ্চিম আৰু দক্ষিণ পিনে ৰাস্তা থাকে তেনে ভূমিক নৈঋত স্থলখণ্ডি ভূমি বুলি কোৱা হয়। 

    এনে ভূমিত ব্যৱসায়-বাণিজ্য কৰা লোকসকলে ঘৰ সাজিলে বিশেষ শুভ ফল লাভ কৰে। যি বর্গাকৃতিৰ ভূমিৰ চাৰিওপিনে ৰাস্তা থাকে সেই ভূমিক ব্রহ্মস্থল বুলি কোৱা হয়। এনে ভূমিত গৃহ নিৰ্মাণ কৰাটো অতি শুভ ফলদায়ক বুলি বিবেচনা কৰা হয়। এনে ভূমিত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ সুখ-সমৃদ্ধি বৃদ্ধি পায়। ইয়াৰ উপৰি ৰাস্তাৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি কিছুমান ভূমিত গৃহ নিৰ্মাণ কৰাটো অনুচিত। তেনে কিছু ভূমিৰ বিৱৰণ তলত উল্লেখ কৰা হ'ল।

    (খ) যি ভূমিৰ পূব পিনে পূব আৰু ঈশান কোণক স্পৰ্শ কৰি ৰাস্তা পাৰ হৈ যায়, তেনে ভূমিত ঘৰ বন্ধাটো অনুচিত।

    (গ) যি ভূমিৰ উত্তৰ দিশে ঈশান কোণক স্পৰ্শ কৰি ৰাস্তা পাৰ হয়, তেনে ভূমিতো ঘৰ সাজিব নালাগে।

    (ঘ) যি ভূমিৰ পশ্চিম পিনে চিধাচিধিকৈ ৰাস্তা পাৰ হৈ যায়, তেনে ভূমিত ঘৰ সাজিলে গৃহস্থৰ অমংগল হয়।

    (ঙ) যি ভূমিৰ পশ্চিম আৰু দক্ষিণ দিশৰ পৰা অহা দুটা পথ একেলগ হৈছে তেনে ভূমিত ঘৰ সাজিব নালাগে। যি ভূমিত পূব, পশ্চিম আৰু উত্তৰ দিশৰ পৰা অহা তিনিটা পথ একেলগ হয় তেনে ভূমিত ঘৰ সাজিব নালাগে

    (চ) যি ভূমিৰ তিনিওপিনে ৰাস্তা থাকে তেনে ভূমিত ঘৰ সাজিলে নানা অপায় অমংগল হয়।