আঞ্চলিক
ডিজিটেল ডেস্ক : মানি প্লাণ্ট ৰোপণ
কৰিলে ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি হয়। বাস্তুশাস্ত্ৰত মানি প্লাণ্ট ৰখাৰ বাবে কিছুমান
বিশেষ নিয়ম দিয়া হৈছে, যিবোৰ মানি চলাটো অতি জৰুৰী। বেছিভাগ লোকৰ ঘৰতে মানি প্লাণ্ট
থকা দেখা যায়। আৰ্থিক অৱস্থা টনকিয়ালৰ বাবে ঘৰত মানি প্লাণ্ট ৰোপণ কৰাটো শুভ বুলি গণ্য
কৰা হয়। মানি প্লাণ্ট থকা ঘৰত মালক্ষ্মীৰ আশীৰ্বাদ সদায় পৰে বুলি বিশ্বাস কৰা হয়।
বাস্তুশাস্ত্ৰৰ মতে মানি প্লাণ্ট
ৰোপণৰ বাবে কিছুমান বিশেষ নিয়ম আছে। যদি এই নিয়মবোৰ মানি চলা নহয়, তেন্তে সুবিধাৰ
সলনি ইয়াৰ অসুবিধাবোৰ ঘৰত দেখা যায়। মানি প্লাণ্ট ৰোপণ কৰাৰ সময়ত কি কি কথা মানি
চলিব লাগে জানো আহক।
১. মানি প্লাণ্ট কেতিয়াও উত্তৰ-পূব
দিশত ৰোপণ কৰিব নালাগে। এনে কৰিলে ঘৰৰ সদস্যসকলে আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হ’ব
পাৰে।
২. মানি প্লাণ্ট সদায় দক্ষিণ-পূব
দিশত ৰুব লাগে। এই দিশটোক ভগৱান গণেশৰ দিশ বুলি ধৰা হয়। এই দিশত মানি প্লাণ্ট ৰোপণ
কৰিলে ঘৰত আৰ্থিক অৱস্থা টনকিয়াল হোৱাৰ লগতে সুখ-সমৃদ্ধিৰ বৃদ্ধি হয়।
৩. বাস্তুৰ মতে মানি প্লাণ্টজোপা বাঢ়ি
যোৱাৰ লগে লগে ব্যক্তিজনৰো একেদৰেই উন্নতি হ’বলৈ আৰম্ভ কৰে। মনত ৰাখিব যে মানি প্লাণ্ট
গছে কেতিয়াও মাটি স্পৰ্শ কৰিব নালাগে।
৪. মানি প্লাণ্ট কেতিয়াও শুকাই
যাবলৈ নিদিব। ইয়াৰ পাত শুকাই গ’লে বা হালধীয়া হ’লে তৎক্ষণাত আঁতৰাই পেলাব লাগে। নহ’লে
ঘৰলৈ দুৰ্ভাগ্য কঢ়িয়াই আনে বুলি কোৱা হয়।
৫. মানি প্লাণ্ট কেতিয়াও ঘৰৰ বাহিৰত
ৰোপণ কৰিব নালাগে। কোৱা হয় যে মানি প্লাণ্টৰ বিকাশ বন্ধ হৈ যায় যেতিয়া কোনো বাহিৰৰ
মানুহ দেখা পায়। ই ঘৰৰ সদস্যসকলৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলায়। এই গছজোপা সদায় ঘৰৰ
ভিতৰত ৰোপণ কৰিব লাগে।
৬. বাস্তুশাস্ত্ৰৰ মতে মানি প্লাণ্ট
কেতিয়াও উপহাৰ হিচাপে দিব নালাগে। কাৰণ ইয়াৰ ফলত শুক্ৰ গ্ৰহত প্ৰভাৱ পৰে আৰু ব্যক্তিজনে
আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।
Leave A Comment