• নাকৰ দুয়োকাষে থকা ক’লা দাগ ঘৰতে আঁতৰোৱাৰ এক ফলপ্ৰসু উপায় জানি লওক

    জীৱন শৈলী
    নাকৰ দুয়োকাষে থকা ক’লা দাগ ঘৰতে আঁতৰোৱাৰ এক ফলপ্ৰসু উপায় জানি লওক

    ডিজিটেল ডেস্ক : ব্লেকহেডৰ সমস্যাটো
    এটা অতি পৰিচিত সমস্যা। ছালখন ভালদৰে পৰিষ্কাৰ ফলত ছিদ্ৰবোৰত মলি আৰু তেল জমা হৈ পৰে
    আৰু ক’লা দাগ পৰিবলৈ আৰম্ভ কৰে। যেতিয়া মুখৰ চুলিৰ গুৰিত মৃত কোষ, মলি আৰু তেল জমা
    হৈ বন্ধ হৈ পৰে, যাৰ ফলত চুলিৰ গুৰিত ক’লা হৈ পৰে। ব্লেকহেডৰ সমস্যা প্ৰধানকৈ নাকত
    আৰু ওঁঠৰ তলৰ অংশত দেখা যায়।



     ব্লেকহেড বিভিন্ন ধৰণে আঁতৰাব পাৰি।
    এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোক পাৰ্লাৰলৈ যায়, কোনোৱে বজাৰৰ পৰা ব্লেকহেড
    আঁতৰোৱা ষ্ট্ৰিপ কিনি ব্যৱহাৰ কৰে যদিও ক’লা দাগবোৰ সম্পূৰ্ণৰূপে আঁতৰাব নোৱাৰি। এনে
    অৱস্থাত ঘৰুৱা কিছুমান উপায় ব্যৱহাৰ কৰি কেনেকৈ ক’লা দাগৰ সমস্যা সহজে দূৰ কৰিব পৰা
    যায় জানো আহক।



     ক’লা দাগ দূৰ কৰা কিছুমান ঘৰুৱা
    উপায়-



     ১. মৌ আৰু কেঁচা গাখীৰ : এচামুচ
    মৌ আৰু এচামুচ কেঁচা গাখীৰ লৈ পেক বনাই অলপ গৰম কৰি ল’ব। তাৰ পাছত ঘন হ’লে ঠাণ্ডা কৰি
    নাক আৰু ডিঙিত লগাব। ইয়াৰ কিছু সময়ত পাছত শুকালে ধুই পেলাব। সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ
    এই পদ্ধতি ব্যৱহাৰ কৰিব লাগে। মৌত এন্টি-মাইক্ৰ’বিয়াল আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে
    যিয়ে ছালখনক সুস্থ কৰি তোলে।



    ২. অটমিল আৰু দৈ : অটছে স্ক্ৰাব
    কৰাত সহায় কৰে আৰু দৈয়ে ছালখন পৰিষ্কাৰ আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে। এই পেকটো
    বনাবলৈ ৪ গ্ৰাম ওটছ লৈ দুচামুচ দৈ দি কিছু সময় ৰাখিব। তাৰ পাছত ক’লা দাগ থকা ঠাইত
    লগাওক আৰু তাৰ পাছত ৫ মিনিটৰ বাবে মুখখন মালিচ কৰক। তাৰ পাছত এই পেকটো শুকালে ধুই পেলাব
    লাগে।



    ৩. মৌ আৰু দালচেনি : আধা চামুচ
    ডালচেনি গুড়ি দুচামুচ মৌৰ লগত মিহলাই নাকৰ ওপৰত আৰু চাৰিওফালে লগাব লাগে। তাৰ পাছত
    প্ৰায় ২০ মিনিটৰ পাছত ধুই পেলাওক।



    ৪. হালধি আৰু চন্দন : হালধিয়ে ব্ৰণৰ
    সমস্যাৰ লগতে ক’লা দাগ নিৰাময় কৰাত সহায় কৰে। এই পেকটো বনাবলৈ এচামুচ দৈ লৈ আধা চামুচ
    হালদি আৰু কেইটোপালমান চন্দন তেল বা অলপ চন্দন গুড়ি দিব। এতিয়া ভালদৰে মিহলাই মুখত
    লগাওক। শুকাই গ’লে পানীৰে ধুই পেলাব লাগে।