• বাঢ়নী সৌভাগ্যৰ প্ৰতীক, কিনতু য’তে ত’তে নাৰাখিব বাঢ়নী

    জীৱন শৈলী
    বাঢ়নী সৌভাগ্যৰ প্ৰতীক, কিনতু য’তে ত’তে নাৰাখিব বাঢ়নী
    ডিজিটেল ডেস্কঃ ঘৰ পৰিষ্কাৰ কৰাৰ বাবে যিবোৰ আহিলাৰ প্ৰয়োজন হয় সেই আহিলাবোৰৰ ভিতৰত অন্যতম হৈছে বাঢ়নী বা ঝাড়ু। ঝাড়ু অবিহনে আমি ঘৰ পৰিষ্কাৰ কৰিব নোৱাৰোঁ। সেয়ে ঝাড়ু ঘৰ এখনৰ এৰাব নোৱাৰা অংগ। অৱশ্যে ঝাড়ু কেতিয়াও চকুৰ সন্মুখত ৰাখিব নালাগে। ঝাড়ুৰে যিহেতু আৱৰ্জনা আদি পৰিষ্কাৰ কৰা হয় সেয়ে ঝাড়ুৰ পৰা অনবৰতে অশুভ শক্তি নিৰ্গত হৈ থাকে। 

    ঝাড়ু যদি চকুত পৰা ঠাইত ৰখা হয় তেন্তে সেই অশুভ শক্তিয়ে মানুহৰ মনৰ ওপৰত ক্ৰিয়া বিস্তাৰ কৰিব পাৰে। সেইবাবে ফেংছুইয়ে ঝাড়ু সদায় চকুৰ আঁতৰ কৰি ৰখাৰ বিধান দিছে। ঝাড়ুসদায় বিছনাৰ তল অথবা ঘৰৰ কোনো চুকত ৰাখিলে সেয়া চকুৰ আৰ হৈ থাকে। 

    ঝাড়ু যদি চকুত পৰা ঠাইত ৰখা হয় তেন্তে ঘৰৰ সমৃদ্ধিত বাধাৰ সৃষ্টি হয় আৰু পৰিয়ালৰ সদস্যসকল বিভিন্ন ৰোগ-ব্যাধিত আক্ৰান্ত হোৱাৰ আশংকা থাকে। ৰাতি যদি ঝাড়ু ঘৰৰ প্ৰধান দুৱাৰৰ বাহিৰত ওলোটাকৈ ৰাখে তেন্তে সেয়া ফেংছুইৰ মতে শুভ ফলদায়ক। 

    অৱশ্যে দিনৰ ভাগত ঝাড়ু কেতিয়াও ঘৰৰ বাহিৰত ৰাখিব নালাগে । দিনৰ ভাগত ঝাড়ু ঘৰৰ বাহিৰত ৰাখিলে ঘৰৰ সৌভাগ্য তথা সমৃদ্ধি ঘৰৰ বাহিৰলৈ ওলাই যায় বুলি কোৱা হয়৷