আঞ্চলিক
ডিজিটেল
ডেস্কঃ আমি প্ৰায়ে শৰীৰৰ সকলো অংশৰ সৌন্দৰ্যৰ যত্ন লওঁ, কিন্তু সাধাৰণতে দাঁতৰ হালধীয়া
হোৱাটোক উপেক্ষা কৰি চলো। আমি প্ৰতিদিনে ব্ৰাছেৰে পৰিষ্কাৰ কৰো, কিন্তু আমি ভবাৰ দৰে
সুফল নাপাওঁ। দাঁত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংশ, ইয়াক পৰিষ্কাৰ ৰখাটো অতি গুৰুত্বপূৰ্ণ।
এনে পৰিস্থিতিত ৫টা ঘৰুৱা উপায়েৰে আমি দাঁত সহজে চাফা কৰি তুলিব পাৰো, জানো আহক।
দাঁতৰ
হালধীয়া দূৰ কৰা ৫টা ঘৰুৱা প্ৰতিকাৰ
১.
আদা
আদাৰ
এটা সৰু টুকুৰা মিক্সাৰ গ্ৰাইণ্ডাৰ বা ওখালিত গুৰি কৰাৰ পাছত ইয়াৰ এক চতুৰ্থাংশ চামুচ নিমখৰ সৈতে অলপমান
নেমুৰ ৰস মিহলি কৰক। এতিয়া এই তিনিটা বস্তুৰ মিশ্ৰণেৰে ব্ৰাছ কৰিলে সুফল পাব।
২.
নিমপাত
আমি
সকলোৱে নিমৰ ঔষধি গুণাগুণৰ বিষয়ে অৱগত। ইয়াৰ পাত এটা পাত্ৰত উতলাওক, তাৰ পিছত পানীখিনি
চেকি থওঁক, এতিয়া ঠাণ্ডা হ’লে এই পানীৰে গাৰ্গল কৰিলেও সুফল পাব। নিমৰ তিতাই মুখ আৰু
দাঁতত থকা বীজাণুবোৰ ধ্বংস কৰাত সহায় কৰে।
৩.
এপচম নিমখ (Epsom Salt)
এপচম
নিমখক মেগনেছিয়াম ছালফেট বুলিও কোৱা হয়। এই নিমখ আৰু পানী সমান পৰিমাণত মিহলি কৰক।
মিশ্ৰণটোৰে দাঁতত ঘঁহি মুখখন ধুই দিয়ক লাভালাভ পাব।
৪.
কোকো পাউডাৰ
কোকো
পাউডাৰ পানী বা নাৰিকল তেলৰ সৈতে মিহলি কৰক আৰু ইয়াৰ এটা পেষ্ট প্ৰস্তুত কৰি ব্ৰাছ
কৰিলে দাঁতবোৰ পৰিষ্কাৰ হয়।
৫.
পদিনা পাত
Leave A Comment