Education
India has also advanced from sixth place last year to the fourth most well-represented country in the 2024 rankings.
চেন্নাই: তামিলনাডুত সম্পূৰ্ণ লকডাউন ঘোষণা৷ ১০ মে’ৰ পৰা দুসপ্তাহৰ বাবে তামিলনাডুত হ'ব লকডাউন৷ ক’ভিডে ভয়ংকৰ ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে লকডাউন ঘোষণা কৰে৷ ১০ মে'ৰ পৰা ২৪ মে'লৈ ৰাজ্যখনত লকডাউন ঘোষণা কৰিছে। তামিলনাডুত শুক্ৰবাৰে ক'ভিড আক্ৰান্তই ২৫০০০-ৰ সীমা অতিক্ৰম কৰিছে৷ ৰাজ্যখনত ২৬,৪৬৫ টা নতুন ক'ভিডৰ সংক্ৰমণ ঘটিছে৷ যাৰ ফলত আক্ৰান্তৰ সংখ্যা ১.৩৫ লাখলৈ বৃদ্ধি হৈছে।
আৰু পঢ়িব পাৰিব : সুখবৰ : সামৰিক, বাণিজ্যিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন ৰূপসী বিমানবন্দৰ পুনৰ মুকলি হ’ব
শুক্ৰবাৰে ক'ভিডত ১৯৭জন লোকৰ মৃত্যু ঘটে৷ ফলত মুঠ মৃতকৰৰ সংখ্যা ১৫,১৭১ লৈ বৃদ্ধি পাই। ৰাজ্যখনত মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা ১৩.২৩ লাখ। তথ্য অনুসৰি, বিগত দুমাহত চেন্নাইত ক'ভিড-১৯ৰ ফলত হোৱা মৃত্যুৰ গড় সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।
আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰীকেন্দ্ৰিক ৰাজনীতিৰ নতুন মোৰ: দিল্লীলৈ তলব সৰ্বানন্দ-হিমন্ত
গ্ৰেটাৰ চেন্নাই কৰ্পোৰেচন (জিচিচি)ৰ চৰকাৰী তথ্যই দেখুৱাইছে যে, মাৰ্চ মাহত চহৰখনত প্ৰতিদিনে গড়ে তিনিজনৰ মৃত্যু হৈছিল৷ কিন্তু এই মাহটোৰ এই সংখ্যা ৯০জন হয় গৈ । ইয়াৰ তুলনাত, চহৰখনত দৈনিক ক'ভিড-১৯ মৃত্যুৰ গড় সংখ্যা এপ্ৰিলত ১৬.৭ লৈ বৃদ্ধি হৈছিল৷
Leave A Comment