North East
নতুন দিল্লী : দেশত আকস্মিকভাৱে পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। দেশত ১২শতাংশ বৃ্দ্ধি পাইছে সংক্ৰমণ। কালিৰ দিনটোত দেশত ৪৭,০৯২জন নতুন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। বিগত দুটা মাহৰ ভিতৰত এদিনতে আক্ৰান্ত হোৱা লোকৰ এয়াই সৰ্বাধিক সংখ্যা। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫০৯জন আক্ৰান্তৰ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ে এই তথ্য সদৰি কৰিছে। দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ কাৰণ হৈছে কেৰালাত হোৱা সংক্ৰমণৰ তীব্ৰ ৰূপ। দেশৰ মুঠ আক্ৰান্তৰ প্ৰায় ৭০ শতাংশ চিনাক্ত হৈছে কেৱল কেৰালাতে। কেৰালাত ৪০,৯০,০৩৬জন লোক এতিয়ালৈ এই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছে। সংক্ৰমণৰ হাৰ হৈছেগৈ ১৮.৭৬ শতাংশ। ৰাজ্যখনত মৃতৰ সংখ্যা ২০,৯৬১লৈ বৃদ্ধি পাইছে।
ইফালে সামগ্ৰিকভাৱে দেশত আক্ৰান্তৰ হাৰ হৈছেগৈ ২.৮০শতাংশ। আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে ৯৭.৪৮শতাংশলৈ। ইফালে, প্ৰতিষেধক প্ৰদান অভিযানতো দেশে উল্লেখ্য সফলতা অৰ্জন কৰিছে। দেশত এতিয়ালৈ ৬৬ কোটি লোকক টিকাকৰণেৰে সামৰি লোৱা সম্ভৱ হৈছে। দেশৰ অন্ততঃ ৫৪শতাংশ লোকে এপালি হ’লেও ক’ভিড টিকা লাভ কৰিছে।
Leave A Comment