National
নতুন দিল্লী : দেশৰ ৰাজধানী চহৰখন নতুন দিল্লীত অধিক আক্ৰান্ত হৈছে চিকিৎসক তথা স্বাস্থ্যকৰ্মী৷ চিকিৎসক আক্ৰান্ত হোৱাত নাটনি হৈছে চিকিৎসক৷ বিমোৰত পৰিছে স্বাস্থ্য বিভাগ, চিন্তিত দিল্লী চৰকাৰ৷ কৰ'নাৰ ভয়াবহকতাৰ ওপৰত লক্ষ্য ৰাখি দিল্লীত ঘোষণা হৈছে সপ্তাহান্তিক লকডাউনৰ৷
আৰু পঢ়িব পাৰিব : মহানগৰীত উদ্ধাৰ অৰ্ধগলিত এগৰাকী যুৱতীৰ মৃতদেহ
শুকুৰবাৰে নিশা ১০ বজাৰ পৰা সোমবাৰৰ পুৱালৈ হ'ব লকডাউন৷ বন্ধ থাকিব শ্বপিং মল, জীম, অডিট’ৰিয়াম৷ মাত্ৰ ৩০ শতাংশ দৰ্শকেৰে চলিব চিনেমা হ'ল৷ উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰত নৈশ সান্ধ্য আইন ঘোষণা৷
আৰু পঢ়িব পাৰিব : বিহুৰ দিনাই পাষণ্ড পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধ পিতৃক
ৰাজস্থানতো ঘোষণা হৈছে সপ্তাহান্তিক লকডাউন৷ ওডিশাৰ চহৰ অঞ্চলত নৈশ সান্ধ্য আইন ঘোষণা প্ৰশাসনৰ৷ ইপিনে সমগ্ৰ দেশতে কালৰূপ লৈছে কৰ’নাই৷ কালিৰ দিনটোতে আক্ৰান্ত ২ লাখৰো অধিক লোক৷ আনহাতে মৃত্যু হৈছে ১,১৮৩ জন লোকৰ৷
Leave A Comment