Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
নতুন দিল্লী : এতিয়া এপালি প্ৰতিষেধকেৰেই যুঁজ দিব পৰা যাব ক’ভিডৰ বিৰুদ্ধে। আমাৰ দেশৰ প্ৰতিষেধক অভিযানত নতুন সংযোজন ঘটাৰ বাট মুকলি হৈছে। এতিয়া এপালি মাত্ৰ প্ৰতিষেধকৰ জৰিয়তেই লোক এজনৰ সম্পূৰ্ণ টিকাকৰণ কৰিব পৰা যাব। মাৰ্কিন ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘জনছন এণ্ড জনছন’ৰ ছিংগল ড’জ ক’ভিড প্ৰতিষেধক দেশত ব্যৱহাৰৰ অনুমোদন দিয়াৰ লগে লগে দেশৰ প্ৰতিষেধক অভিযানৰ শক্তি বৃদ্ধি পালে।
শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই টুইট কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, ‘ভাৰতে নিজৰ প্ৰতিষেধকৰ টোপোলাটো অধিক ডাঙৰ কৰিলে। জনছন এণ্ড জনছনৰ ছিংগল ড’জ ক’ভিড ভেকচিনত দেশত জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন দিয়া হ’ল। এতিয়া আমাৰ হাতত থকা অনুমোদিত ভেকচিনৰ সংখ্যা পাঁচটা হ’ল আৰু ই আমাৰ ক’ভিডবিৰোধী সামূহিক যুঁজক অধিক শক্তি দিব।’
দেশৰ ভেকচিন নিৰ্মাণকাৰী সংস্থা ‘বায়’লজিকেল-ই লিমিটেডে’ এই ছিংগল শ্বট ভেকিচন দেশলৈ আনিব। উল্লেখ্য যে, ভাৰতত জৰুৰী ব্যৱহাৰৰ অনুমোদন বিচাৰি আবেদন জনোৱাৰ দুদিনৰ পাছতে জৰুৰী ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে জনছনৰ এই ভেকচিনে।
Leave A Comment