• জৰুৰী অৱস্থা আছিল এটা ভুল পদক্ষেপ : ৰাহুল গান্ধী

    ৰাষ্ট্ৰীয়
    জৰুৰী অৱস্থা আছিল এটা ভুল পদক্ষেপ : ৰাহুল গান্ধী

    নতুন দিল্লী : ইন্দিৰা গান্ধীয়ে দেশত বলৱৎ কৰা জৰুৰী অৱস্থা আছিল এক ভুল পদক্ষেপ। এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে। এটা অনুষ্ঠানত তেওঁ এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।





    আৰু পঢ়িব পাৰিব : পথ দুৰ্ঘটনা : এজনৰ মৃত্যু, গৰ্ভৱতী মহিলাসহ আহত বহুজন





    তদানীন্তন প্ৰধানমন্ত্ৰী তথা ৰাহুলৰ আইতাক ইন্দিৰা গান্ধীয়ে বলৱৎ কৰা জৰুৰী অৱস্থাক ভুল পদক্ষেপ আখ্যা দিয়াৰ লগতে ৰাহুলে মন্তব্য কৰে যে, বিজেপি-আৰএছএছে কৰাৰ দৰে কংগ্ৰেছে কেতিয়াও দেশৰ সাংবিধানিক প্ৰতিষ্ঠানবোৰ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা নাই।





    আৰু পঢ়িব পাৰিব : কংগ্ৰেছৰে মিত্ৰতা : দুই মেৰুত অৱস্থান অখিল-লুৰিণৰ





    ভাৰত চৰকাৰৰ প্ৰাক্তন মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা তথা কৰ্নেল বিশ্ববিদ্যালয়ৰ অধ্যাপক কৌশিক বসু তথা ভালেমান শিক্ষাৰ্থীৰ সৈতে কথা-বতৰা পতাৰ সময়ত এই মন্তব্য কৰে ৰাহুলে। ইন্দিৰাৰ পদক্ষেপ ‘ভুল’ আছিল তেওঁ স্পষ্টভাৱে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, জৰুৰী অৱস্থাৰ সময়ত যি ঘটিছিল আৰু আজি যি হৈ আছে তাৰ মাজত মৌলিক পাৰ্থক্য আছে। কংগ্ৰেছে কেতিয়াও দেশৰ সাংবিধানিক গাঁঠনিত হাত দিবলৈ চেষ্টা কৰা নাই।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor