Politics
নতুন দিল্লী : দেশজুৰি অব্যাহত আছে কৰ’নাৰ কালৰূপ৷ একেৰাহে দুদিন ধৰি ৩ লাখৰো অধিক লোক আক্ৰান্ত হয় মহামাৰীত৷ কালিৰ দিনটোত কৰ'নাত আক্ৰান্ত হয় ৩ লাখ ৩০ হাজাৰ লোক৷ ইপিনে দিনটোত পুনৰ ২ সহস্ৰাধিক লোকৰ মৃত্যু ঘটে মহামাৰীত৷ বৃহস্পতিবাৰে ২,৫৫৬ জন লোকৰ মৃত্যু হয়।
আৰু পঢ়িব পাৰিব: দিল্লীৰ ‘দুই গুণ্ডা’ৰ বিৰুদ্ধে মমতাৰ ৰণহুংকাৰ
ব্ৰাজিলৰ পাছত ভাৰত হৈছে বিশ্বৰ একমাত্ৰ দেশ য'ত এদিনতে সৰ্বাধিক কৰ'না আক্ৰান্তৰ মৃত্যু ঘটিছে। ইপিনে দেশখনৰ ভিতৰতে মহাৰাষ্ট্রত এদিনতে আক্ৰান্ত হয় ৬৭,০১৩ জন লোকৰ৷ আৰু মৃত্যু হয় ৫৬৮ জন লোকৰ৷
আৰু পঢ়িব পাৰিব: কালান্তক কৰ’না : ৰাজ্যত আক্ৰান্ত হৈছে ১,৯৩১ জনকৈ লোক
ইয়াৰ পাছত দিল্লীত ৩০৬ জন, ছত্তিশগড়ত ২০৭ জন, উত্তৰ প্ৰদেশত ১৯৫ জন, গুজৰাটত ১৩৭ জন, কৰ্ণাটকত ১২৩ জন, পঞ্জাবত ৭৫ জন আৰু মধ্য প্ৰদেশত ৭৫ জন লোকৰ মৃত্যু হয়। এই ৮ ৰাজ্যত মুঠ ১৬৮৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, যি হৈছে মুঠ মৃত্যুৰ ৭৪.৭৬ শতাংশ।
Leave A Comment