• দেশজোৰা ‘চাক্কা জাম’ সমাপ্ত : কৃষি আইন বাতিলৰ সময়সীমা ২ অক্টোবৰলৈ

    ৰাষ্ট্ৰীয়
    দেশজোৰা ‘চাক্কা জাম’ সমাপ্ত : কৃষি আইন বাতিলৰ সময়সীমা ২ অক্টোবৰলৈ

    নতুন দিল্লী : দেশজুৰি কৃষকে পালন কৰিলে ‘চকা বন্ধ’ প্ৰতিবাদ। উত্তৰ প্ৰদেশ, দিল্লী আৰু উত্তৰাখণ্ডক বাদ দি দেশৰ উত্তৰ অংশত এই প্ৰতিবাদৰ ব্যাপকত্ব পৰিলক্ষিত হ’ল। পঞ্জাৱ, হাৰিয়ানাক মুখ্য কৰি দেশৰ উত্তৰ অংশৰ ভালেমান গুৰুত্বপূৰ্ণ ঘাইপথত প্ৰতিবাদী কৃষকৰ শান্তিপূৰ্ণ প্ৰতিবাদৰ জোৱাৰ দেখা পোৱা গ’ল।





    আৰু পঢ়িব পাৰিব : চিৰাঙত পুনৰ বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ





    কোনো অপ্ৰীতিকৰ কাণ্ড অবিহনেই কৃষকে পালন কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী। দিল্লীক এই প্ৰতিবাদৰ পৰা ৰেহাই দিলেও দিল্লীৰ চৌপাশৰ এক্সপ্ৰেছ ৱে’ বন্ধ হৈ পৰিল কৃষকৰ প্ৰতিবাদৰ বাবে।





    ইফালে, এই আন্দোলনৰ মূল নেতা ৰাকেশ টিকাইটে আজি কয় যে, যেতিয়ালৈকে তেওঁলোকৰ দাবী পূৰণ নহয়, তেতিয়ালৈ প্ৰতিবাদী কৃষকসকল ঘৰলৈ উভতি নাযায়। ভাৰতীয় কিষাণ সংঘৰ নেতাগৰাকীয়ে কৃষকৰ তিনিঘণ্টীয়া ‘চাক্কা জাম’ বা চকা বন্ধ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাৰ পাছতে এই মন্তব্য কৰে।





    আৰু পঢ়িব পাৰিব : মাত্ৰ ২০ টকাৰ বাবেই পদপথৰ ব্যৱসায়ীক মৰিয়াই হত্যা





    দিল্লী-উত্তৰ প্ৰদেশ সীমাৰ গাজিপুৰত সমবেত হোৱা কৃষকসকল সম্বোধন কৰি টিকাইটে লগতে কয় যে, কৃষকৰ এই আন্দোলন ২ অক্টোবৰ পৰ্যন্ত বৃদ্ধি কৰা হ’ব আৰু এই সময়ছোৱাৰ ভিতৰত তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰিবলৈ কেন্দ্ৰৰ হাতত সময় থাকিব।





    প্ৰতিবাদী কৃষকসকলে প্ৰতিবাদৰ পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কত আলোচনা কৰি সিদ্ধান্ত ল’ব বুলিও তেওঁ প্ৰকাশ কৰে। ‘আমাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত ঘৰলৈ উভতি নাযাওঁ।’ তেওঁ লগতে কয় যে, ‘আমি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰক ২ অক্টোবৰলৈকে সময় দিছোঁ। আমি এতিয়া পৰৱৰ্তী পৰিকল্পনা কৰিম। চাপৰ মাজত আমি চৰকাৰৰ সৈতে আলোচনা নকৰোঁ।’


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor