আঞ্চলিক
নতুন দিল্লী : নতুন ইতিহাস ৰচনাৰ দিশে অগ্ৰসৰ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি প্ৰধানমন্ত্ৰী মোদীয়ে অধ্যক্ষতা কৰিব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্কত। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্কত সভাপতিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হ’ব নৰেন্দ্ৰ মোদী।
এই বিশেষ কাৰ্যসূচীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ লগতে বিশ্বৰ কেইবাগৰাকীও শীৰ্ষ নেতাই অংশগ্ৰহণ কৰিব। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এএনআইয়ে শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত টি এছ তিৰুমূৰ্তিয়ে সদৰী কৰিছে যে, সামুদ্ৰিক সুৰক্ষা, শান্তি ৰক্ষা আৰু সন্ত্ৰাসবাদৰে মোকাবিলা কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক সামৰি ৩খন উচ্চ পৰ্যায়ৰ বৈঠকৰ অনুষ্ঠিত কৰা হ’ব।
ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সন্ধিয়া ৫:৩০ বজাত আৰম্ভ হ'ব বৈঠকখন। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৱেবছাইটত পোনপটীয়াকৈ সম্প্ৰচাৰ হ'বলগীয়া এই বিতৰ্কত সামুদ্ৰিক অপৰাধ আৰু নিৰাপত্তাহীনতা কাৰ্যকৰীভাৱে প্ৰতিৰোধ কৰাৰ উপায় আৰু সামুদ্ৰিক ক্ষেত্ৰত সমন্বয় শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।
Leave A Comment