comScore
  • পুনৰ পৰ্দাপ্ৰথা ! কিদৰে সীমাবদ্ধ হৈছে আফগান নাৰীৰ ভৱিষ্যত !

    ৰাষ্ট্ৰীয়
    পুনৰ পৰ্দাপ্ৰথা ! কিদৰে সীমাবদ্ধ হৈছে আফগান নাৰীৰ ভৱিষ্যত !


    ডিজিটেল ডেস্ক : তলিবানৰাজত ‘নিউ নৰ্মেল’ক স্বীকাৰ কৰিবলৈ বাধ্য হৈছে আফগান জনগণ। সোমবাৰে দেশখনত ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ত আৰম্ভ হয় পাঠদান। কিন্তু তালিবানী নীতি-নিয়ম মানিহে এই পাঠদান সম্ভৱ হৈছে।





    তালিবানৰ পুনৰুত্থানৰ পাছতে দেশখনত পূৰ্বৰ তুলনাত অধিক উদাৰ আৰু প্ৰগতিশীল ৰাজত্বৰ প্ৰতিশ্ৰুতি দিছিল যদিও তালিবানী বৰ্বৰতা আৰু ৰক্ষণশীলতাৰ যে বিশেষ পৰিৱৰ্তন হোৱা নাই তাৰ প্ৰমাণ পোৱা গৈছে তালিবানী নীতিৰ শেহতীয়া নিদৰ্শনাত। তালিবানে নিৰ্ধাৰণ কৰি দিছে আফগান মহিলাই পিন্ধিবলগীয়া পোছাক, তেওঁলোকৰ কৰ্মক্ষেত্ৰৰ পৰিসীমা, আনকি তেওঁলোকে শ্ৰেণীকোঠাত কেনেকৈ বহিব তাৰো নিৰ্দেশনা।





    আফগানিস্তানৰ ‘আমাজ নিউজ’ এজেন্সিয়ে প্ৰকাশ কৰা ভালেমান আলোকচিত্ৰত দেখা গৈছে যে, কিদৰে তালিবানৰ নিৰ্দেশ মানি আফগান বিশ্ববিদ্যালয়ত মহিলা শিক্ষাৰ্থীৰ বাবে পৰ্দা আঁৰি বিশেষ শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰা হৈছে। একেটা শ্ৰেণীকোঠাতে ছাত্ৰৰ পৰা ছাত্ৰীক পৃথক কৰা হৈছে পৰ্দা টানি। আনকি তেওঁলোকক সম্পূৰ্ণ শৰীৰ ঢাকি কাপোৰ পিন্ধিবলৈ বাধ্য কৰোঁৱা হৈছে। কেৱল চকুহাল প্ৰকট হৈ থকা পোছাক পিন্ধিহে শ্ৰেণীকোঠাত উপস্থিত হ’ব পাৰিব আফগান যুৱতী। তালিবানৰ এই ৰক্ষণশীল নীতিয়ে দেশখনৰ নাৰী সমাজৰ ভৱিষ্যতো যে সীমাবদ্ধ কৰি পেলাব সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে।






    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam