• ভাৰতত কৰ’নাৰ নতুন অভিলেখ: প্ৰথমবাৰৰ বাবে দেশত এদিনতে আক্ৰান্ত হয় ২ লাখ লোক

    ৰাষ্ট্ৰীয়
    ভাৰতত কৰ’নাৰ নতুন অভিলেখ: প্ৰথমবাৰৰ বাবে দেশত এদিনতে আক্ৰান্ত হয় ২ লাখ লোক

    গুৱাহাটী : ভাৰতত কৰ’নাৰ সংক্ৰমণৰ নতুন অভিলেখ৷ প্ৰথমবাৰৰ বাবে দেশত এদিনতে আক্ৰান্ত হয় ২ লাখ লোক৷ একেৰাহে ৯ দিন দৈনিক ১ লাখৰো অধিক লোক আক্ৰান্ত হয়৷ ১ লাখৰ পৰা ২ লাখ হ’বলৈ লাগিল মাত্ৰ ১১ দিন৷ ২৪ ঘণ্টাত আক্ৰান্ত হ’ল ২ লাখ ৭৩৯ জন৷ ইপিন মৃত্যুৰো





    আৰু পঢ়িব পাৰিব : আজি পহিলা ব’হাগ: নতুন বছৰৰ আৰম্ভণীতে পূজা কৰা হয় গনেশৰ





    নতুন অভিলেখ গঢ়ি উঠে দেশখনত৷ ২৪ ঘণ্টাত মৃত্যু এহেজাৰৰো অধিক৷ দেশত হ্ৰাস পাইছে আৰোগ্যৰ হাৰ৷ ৮৮.৩১ শতাংশলৈ হ্ৰাস আৰোগ্যৰ হাৰ৷ ৰাজ্যতো অব্যাহত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ৷





    আৰু পঢ়িব পাৰিব : বকোত হত্যাকাণ্ড! আৰক্ষীৰ গাড়ীচালক জড়িত থকাৰ অভিযোগ





    কালিৰ দিনটোত পুনৰ আক্ৰান্ত ৩৮৫জন লোক৷ গুৱাহাটী মহানগৰীত আক্ৰান্ত হয় ২০১জন লোক৷ কালিৰ দিনটোত সংক্ৰমণৰ হাৰ ১.২৮ শতাংশ আছিল৷ অসমত ৩জন লোকৰ মৃত্যু হয়৷ অসমত সম্প্ৰতি ক'ভিড আক্ৰান্তৰ সংখ্যা ৩,২০০জন৷