নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘চৌৰি চৌৰা আন্দোলন’ৰ শতবৰ্ষীয় উদযাপনৰ শুভাৰম্ভ কৰে। উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাতে ব্ৰিটিছ প্ৰশাসনৰ সৈতে হিংসাত্মক প্ৰতিবাদত লিপ্ত হৈ পৰিছিল দেশৰ শ শ মুক্তি সংগ্ৰামীয়ে।
আৰু পঢ়িব পাৰিব : অসম-মিজোৰাম সীমান্তৰ চৰকাৰী বিদ্যালয়ত বোমা বিস্ফোৰণ দুৰ্বৃত্তৰ
১৯২২চনৰ ৪ ফেব্ৰুৱাৰীত এই ঘটনা সংঘটিত হৈছিল। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই অনুষ্ঠান উদ্বোধন কৰে মোডীয়ে। শতবৰ্ষ উদযাপনৰ শুভাৰম্ভণিৰ কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি আন ভালেমান বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।
আৰু পঢ়িব পাৰিব : আছুৰ কথা এতিয়া কোনেও নুশুনে, আছুৰ অৰাজনৈতিক চৰিত্ৰৰ অৱসান ঘটিছেঃ অতুল বৰা
প্ৰধানমন্ত্ৰী মোডীয়ে এই অনুষ্ঠানৰ স্মাৰক হিচাপে এটা পোষ্টেল ষ্টাম্পো মুকলি কৰে। আজিৰ কাৰ্যসূচীত চৌৰি চৌৰাৰ ৯৯জন মুক্তি সংগ্ৰামীৰ পৰিয়ালক সন্মান যচা হয়।
Leave A Comment