• ‘মাথা-মুণ্ডহীন, মাটিৰ দলিল নোহোৱা’, উত্তৰ-পূবৰ জনজাতীয় লোকক বৈষম্যবাদী মন্তব্য শিক্ষকৰ

    ৰাষ্ট্ৰীয়
    ‘মাথা-মুণ্ডহীন, মাটিৰ দলিল নোহোৱা’, উত্তৰ-পূবৰ জনজাতীয় লোকক বৈষম্যবাদী মন্তব্য শিক্ষকৰ

    ডিজিটেল ডেস্কঃ অসমীয়া গামোচাক জন্তু বুলি কৈ এগৰাকী শিক্ষক বিতৰ্কত সোমাই পৰাৰ পাছত এইবাৰ উত্তৰ-পূবৰ লোকক লৈ আন এক বৈষম্যবাদী মন্তব্য আগবঢ়াইছে এগৰাকী শিক্ষকে। উত্তৰ-পূবৰ লোকক লৈ সততে কৰা বৈষম্যবাদী মন্তব্যই বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি কৰাৰ পাছতো শাম কটা নাই এনেবোৰ ঘটনা। শৈক্ষিক ষ্টাৰ্টআপ ‘আনএকাডেমী’ৰ এগৰাকী শিক্ষকে উত্তৰ-পূবৰ জনজাতীয় লোকক লৈ কৰা বৈষম্যবাদী মন্তব্যই তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া।





    টুইটাৰত প্ৰচাৰ হোৱা এক ভিডিঅ’ত সিদ্ধাৰ্থ সিং নামৰ শিক্ষকগৰাকীয়ে ‘মিছন আইএএছ-২০২১’ শীৰ্ষক এক শিতানত ঝুম খেতিৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছিল। তাত তেওঁ উত্তৰ-পূবৰ জনজাতীয় খেতিয়কসকলক লৈ চূড়ান্ত বৈষম্যবাদী মন্তব্য আগবঢ়ায়। ইউপিএছচি প্ৰশিক্ষণমূলক ভিডিঅ’টোত সিদ্ধাৰ্থ সিঙে ঝুম খেতিৰ বৰ্ণনা দিবলৈ গৈ কয় যে, ঝুম খেতি কৰা আমাৰ জনজাতীয় মানুহবিলাকৰ মাথামুণ্ড, সম্পত্তি তথা কোনো মাটিৰ দলিল নাই। তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ পাছতেই ভিডিঅ’টো ইতিমধ্যে আঁতৰাই দিয়া হৈছে। 'আনএকাডেমী'-এ ইতিমধ্যে ভিডিঅ'টো সন্দৰ্ভত খেদ প্ৰকাশ কৰিছে আৰু শিক্ষকজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিছে।