• এখন ঘৰত উদ্ধাৰ ৪০ টাকৈ বিষাক্ত সাপ! এটি শিশুৰ মৃত্যুৰ পাছতহে পৰিয়ালটোৱে গম পায় সাপ থকাৰ কথা

    ৰাষ্ট্ৰীয়
    এখন ঘৰত উদ্ধাৰ ৪০ টাকৈ বিষাক্ত সাপ! এটি শিশুৰ মৃত্যুৰ পাছতহে পৰিয়ালটোৱে গম পায় সাপ থকাৰ কথা
    ডিজিটেল ডেস্কঃ সাপক বহুতে ভয় খায়। সাপ দেখিলে দূৰতে বিদূৰ হয় মানুহ। কেনেবাকৈ ঘৰত যদি এডাল সাপ সোমায় তেন্তে কেনেকৈ সাপডাল বাহিৰ কৰিব পাৰি তাৰ চেষ্টাত তৎপৰ হয় মানুহ। কিছুমানেটো সাপ দেখিলেই হত্যা কৰে, যিটো অতি জঘন্য অপৰাধ। সাপৰ প্ৰতি মানুহৰ ভয় আজন্ম। পাছে আমি যদি আপোনাক কওঁ এটা পৰিয়ালত মানুহৰ সৈতে একেলগে বাস কৰে ৪০টা সাপ, আপুনি বিশ্বাস কৰিবনে.. আপুনি বিশ্বাস নকৰিলেও এয়া একেবাৰে সত্য কথা। বিহাৰৰ কাটিহাৰত এখন ঘৰত উদ্ধাৰ হৈছে ৪০টাকৈ সাপ। 

    এই তথ্য পোহৰলৈ আহিছিল যেতিয়া এটা সাপে এজনী ছোৱালী সন্তানক কামুৰিছিল। ইয়াৰ পিছতে ৫ বছৰীয়া কন্যা শিশুটিৰ মৃত্যু হয়। ইয়াৰ পিছত পৰিয়ালৰ লোকে এজন সাপধৰা লোকক মাতিলে। সাপ ধৰা লোকজনে ঘৰখনৰ পৰা ইটোৰ পাছত সিটোকৈ উদ্ধাৰ কৰে ৪০ টা সাপ। ইমানবোৰ সাপ একেলগে দেখি সকলো আচৰিত হৈ পৰে। একে সময়তে সাপ ধৰা লোকজনো আচৰিত হৈছিল যে ঘৰখনত ৪০টা সাপ লৈ মানুহে কেনেকৈ জীয়াই আছে!

    পৰিয়ালটোৱে জনোৱা মতে তামান্না নামৰ ৫ বছৰীয়া কন্যা শিশুটিৱে ঘৰৰ চোতালত খেলি আছিল। সেই সময়তে এটা বিষাক্ত সাপে শিশুটিক কামুৰিছিল। ইয়াৰ পিছতে পৰিয়ালৰ লোকে ততাতৈয়াকে তামান্নাক ৰায়গাঁজ হাস্পতাললৈ লৈ যায়। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় তামান্নাৰ।

    ইয়াৰ পিছতে পৰিয়ালটোৱে সেই সাপটো ধৰিবলৈ সাপ ধৰা লোকজনক ঘৰলৈ মাতে। যাতে সেই সাপে আন কাকো কামুৰিব নোৱাৰে। সাপ ধৰালোকজনে যেতিয়া ঘৰত সাপ বিচাৰিবলৈ ধৰিলে তেতিয়া এটা এটাকৈ ৪০ টা বিষাক্ত সাপ পালে। ইয়াৰ পিছত সাপসমূহক চাবলৈ এক বিশাল জনসমাগম গোট খায়। এখন ঘৰৰ পৰা একেলগে ৪০টা সাপ উদ্ধাৰ হোৱাৰ পিছতে গাঁওখনত চাঞ্চল্য বিয়পি পৰে। সাপক লৈ আতংকিত হৈ পৰিছে ৰাইজ। গাওঁবাসীৰ সহায়ত সাপবোৰ ধৰি সাপধৰা লোকজনে হাবিত এৰি থৈ আহে।

    গাঁওবাসীয়ে জনোৱা মতে, ঘৰত ৰখা এটা পুৰণি বাকচত আটাইকেইটা সাপ বসবাস কৰি আছিল। কণমানি ছোৱালীজনীৰ মৃত্যুত পৰিয়ালটোৰ ওপৰত শোকৰ পাহাৰ ভাঙি পৰিছে। ইয়াৰ সমান্তৰালকৈ গাঁৱৰ ৰাইজ আচৰিত হৈ পৰিছে যে এই পৰিয়ালটোৱে ৪০টা সাপ লৈ বসবাস কৰিছিল কেনেকৈ! একো গম নোপোৱাকৈ ইমানবোৰ সাপৰ মাজত অজানিতে জীয়াই থকাটো কোনো অলৌকিক ঘটনাতকৈ কম নহয় বুলি জনাইছে সাপ ধৰা লোকজনে।