• নাই মালিক, নাই কৰ্মচাৰী; ভগৱানৰ ভৰসাতে চলি আছে এখন বিপণী

    ৰাষ্ট্ৰীয়
    নাই মালিক, নাই কৰ্মচাৰী; ভগৱানৰ ভৰসাতে চলি আছে এখন বিপণী
    ডিজিটেল ডেস্ক : এখন বিশেষ বিপণী যিখন বিপণীৰ বিষয়ে জানিলে আপুনিও হয়তো আচৰিত হৈ পৰিব। ভগৱানৰ ভৰসাতে চলি থকা এখন বিপণী। বিপণীখনত নাই কোনো মালিক, কৰ্মচাৰী। মধ্য প্ৰদেশৰ জব্বলপুৰত আছে এই ব্যতিক্ৰমী বিপণীখন। 

    আপুনি নিশ্চয় নিতৌ বিভিন্ন বিপণীলৈ যায় । আৰু তাত মালিক থকা দেখা পায়। কিন্তু মধ্য প্ৰদেশৰ জব্বলপুৰত থকা বিপণীখনত নাই কোনো মালিক। একমাত্ৰ ভগৱানেই সেই বিপণীখনৰ ভৰসা। বিপণীখন খুলিছিল এগৰাকী ভক্তই। ভক্তজনে বিপণীখন খুলিছিল ঠিকেই কিন্তু বিপণীখনত তেওঁ নিজেও নবহে বা কোনো কৰ্মচাৰীও নাই ।ভগৱানৰ ভৰসাতে বিপণীখন খুলি থৈ যায় আৰু তেনেকৈয়ে আজিলৈকে সুকলমে চলি আছে বিপণীখন।

    ভক্তগৰাকীৰ ভগৱানৰ ওপৰত ইমানে বিশ্বাস যে তেওঁ গোটেই বিপণীখন ভগৱানৰ হাতত এৰি থৈ যায় । উল্লেখযোগ্য যে জব্বলপুৰৰ নেপিয়াৰ টাউনত বাস কৰা বিজয় পাণ্ডেই লাড়ুৰ ব্যৱসায় কৰে । বেছিভাগ লোকে তেওঁ প্ৰস্তুত কৰা লাড়ু ক্ৰয় কৰি নৈবেদ্য হিচাপে মন্দিৰলৈ লৈ যায় ।তেওঁৱে এই বিপণীখন আৰম্ভ কৰিছিল ।এদিন তেওঁৰ দোকানলৈ এজন গ্ৰাহক আহিছিল আৰু অতি দুখেৰে কৈছিল যে তেওঁৰ ওচৰত ধন নাই, কিন্তু তেওঁক লাডুৰ প্ৰয়োজন । সেই দৰিদ্ৰ লোকজনৰ দুৰ্দশা দেখি বিজয় পাণ্ডে মনলৈ চিন্তা আহিছিল যে যদি তেওঁৰ ঠাইত বিপণীত ভগৱান লাড্ডু গোপাল নিজে বহি থাকিলহেঁতেন তেনেহ'লে এই মানুহজনে ইমান সংকোচ নিশ্চয় নকৰিলেহেঁতেন ।আৰু সেই তেতিয়াৰে পৰা তেওঁ ভগৱানৰ ওপৰত ভৰসা কৰিয়েই বিপণীখন এনেদৰে এৰি থৈ যায়।

    বিপণীখনত টকা ৰাখিবলৈ এটা বাকচ থোৱা আছে । গ্ৰাহকসকলে নিজে হিচাপ কৰি ধন বাকচটোত থৈ যাব পাৰে । আনহাতে আন এটা বাকটত খুচুৰা পইচা থাকে আৰু গ্ৰাহকে তাৰ পৰা ঘূৰাই পাবলগীয়া বাকীখিনি টকা লৈ যাব পাৰে । যিসকলৰ ধনৰ অভাৱ তেওঁলোকেও ইয়াৰ পৰা মিঠাই লৈ যাব পাৰে । যদি তেওঁলোকে ভাবে যে তেওঁলোকে পিছত পৰিশোধ কৰিব পাৰে।


    উৎসঃ দৈনিক জনমভূমি

    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor