ডিজিটেল ডেস্ক : অন্ধ্র প্রদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডুৱে কয় যে ৰাজ্যখনত থকা তিৰুমালা মন্দিৰত কেৱল হিন্দু কৰ্মচাৰীকহে নিয়োগ কৰা হ'ব।
যদি কোনো বেলেগ সম্প্ৰদায়ৰ লোক বর্তমানে মন্দিৰটোত নিয়োজিত হৈ আছে, তেনেহ'লে তেওঁলোকৰ আৱেগক আঘাত নকৰাকৈ তেওঁলোকক অন্য ঠাইলৈ স্থানান্তৰ কৰা হ'ব।
তেওঁ আৰু কয় যে সমগ্ৰ ভাৰতৰ সকলো ৰাজ্যৰ ৰাজধানীত ভেংকটাশ্বৰ স্বামী মন্দিৰ নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰখনে পৰিকল্পনা কৰিছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment