• মধ্যপ্ৰদেশৰ কুনোৰ অৰণ্যত নামিবিয়া বনাম দক্ষিণ আফ্ৰিকাৰ যুঁজ! মোদীয়ে অনা চাৰিটা চিতা ভয়ংকৰ সংঘৰ্ষত লিপ্ত

    ৰাষ্ট্ৰীয়
    মধ্যপ্ৰদেশৰ কুনোৰ অৰণ্যত নামিবিয়া বনাম দক্ষিণ আফ্ৰিকাৰ যুঁজ! মোদীয়ে অনা চাৰিটা চিতা ভয়ংকৰ সংঘৰ্ষত লিপ্ত
    ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ কুনোৰ অৰণ্যত চলিছে নামিবিয়া বনাম দক্ষিণ আফ্ৰিকাৰ যুঁজ! হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অনা চাৰিটা চিতা বাঘে অৰণ্যৰ ভিতৰত ভয়ংকৰ সংঘৰ্ষত লিপ্ত হৈছে। 

    এই যুঁজ যেন 'আফ্ৰিকান নেশ্যনছ কাপৰ' দৰে হৈ পৰিছে।  মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত দুখন   আফ্ৰিকাৰ দেশ নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতা বাঘ ৰখা হৈছে। শেহতীয়াকৈ  দক্ষিণ আফ্ৰিকাৰ পৰা অনা দুটা চিতাই নামিবিয়াৰ দুটা চিতাৰ সৈতে সংঘৰ্ষ লিপ্ত হৈছে ।বন বিভাগৰ সূত্ৰ অনুসৰি গৌৰৱ আৰু শৌৰ্য নামৰ দুটা চিতা নামিবিয়াৰ পৰা কুনোলৈ অনা হৈছিল। 

    তাৰ পিছত দক্ষিণ আফ্ৰিকাৰ পৰা অগ্নি আৰু বায়ু নামৰ আৰু দুটা চিতা অনা হৈছিল। নাহৰফুটুকী বাঘকেইটাই শেহতীয়াকৈ  নিজৰ মাজতেযুঁজত লিপ্ত হয়।চিতা কুনোৰ বিভাগীয় বন বিষয়া পি কে বাৰ্মাই প্ৰকাশ কৰা চিতা কেইটাক  শান্ত কৰিবলৈ ট্ৰেংকুলাইজাৰ মৰা হৈছে। ট্ৰেংকুলাইজাৰৰ আঘাতত  অগ্নি নামৰ বাঘটো আঘাতপ্ৰাপ্ত হৈছে। 


    উল্লেখ্য অৰণ্য খনলৈ আফ্ৰিকাৰ নামিবিয়াৰ পৰা পাঁচটা মাইকী চিতা আৰু তিনিটা মতা চিতা অনা হৈছিল। যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাহৰফুটুকী বাঘকেইটা  আনুষ্ঠানিকভাৱে কুনোৰ বনাঞ্চলত মুকলি কৰি দিছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা আন ১২ টা চিতা অনা হৈছিল। সেইবোৰো  কুনোৰ অৰণ্যত এৰি দিয়া হৈছিল। ইয়াৰ ভিতৰৰে  ছটা নাহৰফুটুকী বাঘৰ মৃত্যু হৈছে।