• দলিত যুৱকৰ সৈতে প্ৰেম! পিতৃয়ে হত্যা কৰিলে কন্যাক, প্ৰেমিকৰ আত্মহত্যা

    ৰাষ্ট্ৰীয়
    দলিত যুৱকৰ সৈতে প্ৰেম! পিতৃয়ে হত্যা কৰিলে কন্যাক, প্ৰেমিকৰ আত্মহত্যা
    ডিজিটেল ডেস্কঃ এক অতি নৃশংস ঘটনা সংঘটিত হৈছে। দলিত যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে নিজ কন্যাক হত্যা কৰিলে পিতৃয়ে। কৰ্ণাটকৰ কোলাৰ জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

    ঘটনাৰ বিৱৰণী অনুসৰি কৃষ্ণমূৰ্তি নামৰ লোকজনে নিজ কন্যা কীৰ্তিক ডিঙি চেপি হত্যা কৰে। ২০ বছৰীয়া যুৱতী কীৰ্তিৰ একে গাঁৱৰে ২৪ বছৰীয়া যুৱক গংগাধৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়ো বিবাহপাশত আৱদ্ধ হ’ব বিচাৰিছিল। কিন্তু গংগাধৰ দলিত সম্প্ৰদায়ৰ হোৱা বাবে এই প্ৰেমত বাধা দিয়ে কীৰ্তিৰ পিতৃয়ে। পিতৃয়ে একেবাৰে সমৰ্থন কৰা নাছিল সম্পৰ্কটো। কীৰ্তি যাদৱ সম্প্ৰদায়ৰ আছিল।

    আৰক্ষীয়ে জনোৱা মতে, এবছৰ ধৰি সম্পৰ্কত থকাৰ পাছত গংগাধৰে কীৰ্তিৰ পিতৃ কৃষ্ণমূৰ্তিৰ সৈতে বিয়াৰ বাবে যোগাযোগ কৰিছিল। মঙলবাৰে এই বিষয়টোক লৈ কীৰ্তি আৰু পিতৃৰ মাজত তীব্ৰ কাজিয়া হয় আৰু ক্ষোভত কীৰ্তিৰ ডিঙি চেপি হত্যা কৰে পিতৃয়ে। যেতিয়া গংগাধৰে কীৰ্তিৰ মৃত্যুৰ কথা জানিব পাৰিলে, তেতিয়া তেওঁ গাঁৱৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত লালবাগ এক্সপ্ৰেছ ৰে’লৰ সন্মুখত জপিয়াই পৰে। প্ৰেমিকাৰ মৃত্যুৰ বাতৰি পাই আত্মহত্যা কৰে প্ৰেমিক গংগাধৰে। কামামুদ্ৰা আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।