• পোহনীয়া কুকুৰক খোজ কঢ়োৱাবলৈ আইএএছ বিষয়াই খালী কৰায় ষ্টেডিয়াম...

    ৰাষ্ট্ৰীয়
    পোহনীয়া কুকুৰক খোজ কঢ়োৱাবলৈ আইএএছ বিষয়াই খালী কৰায় ষ্টেডিয়াম...

    ডিজিটেল ডেস্ক: বিগত কেইমাহমান ধৰি দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত থায়াগৰাজ ষ্টেডিয়ামত খেলুৱৈ আৰু প্ৰশিক্ষকসকলে সন্ধিয়া ৭ বজাৰ ভিতৰত প্ৰশিক্ষণ সামৰিবলৈ বাধ্য হোৱাৰ অভিযোগ উত্থাপিত কৰিছে। দিল্লীৰ মুখ্য সচিব (ৰাজহ) সঞ্জীৱ খিৰৱাৰে তেওঁৰ পোহনীয়া কুকুৰটোক ষ্টেডিয়ামত খোজ কঢ়াবলৈ অনাৰ বাবে স্বাভাৱিক সময়তকৈ পূৰ্বে প্ৰশিক্ষণ সামৰিবলৈ কোৱা হৈছে৷ 

    এজন প্ৰশিক্ষকে কয়, ‘আমি আগতে লাইটৰ পোহৰত নিশা ৮-৮.৩০ বজালৈকে প্ৰশিক্ষণ লৈছিলো। কিন্তু এতিয়া, আমাক সন্ধিয়া ৭ বজাৰ ভিতৰত সেই স্থান এৰি যাবলৈ কোৱা হৈছে৷ যাতে বিষয়াজনে তেওঁৰ কুকুৰটো খোজ কঢ়োৱাব পাৰে। যাৰ বাবে আমাৰ প্ৰশিক্ষণ আৰু অনুশীলনৰ ৰুটিন ব্যাহত হৈছে৷' 

    ১৯৯৪-বেটছৰ আইএএছ বিষয়াগৰাকীক এই সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত অভিযোগটোক ‘সম্পূৰ্ণ অশুদ্ধ’ বুলি কয়। অৱশ্যে তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ কেতিয়াবা পোহনীয়া জন্তুটোক খোজ কাঢ়িবলৈ লৈ যায়৷ কিন্তু ইয়াৰ বাবে খেলুৱৈসকলৰ অনুশীলনৰ ৰুটিনত ব্যাঘাত জন্মোৱাটো অস্বীকাৰ কৰে৷


    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino online