• বৰপেটাত এটা হাঁহৰ বাবেই ককায়েকে হত্যা কৰিলে ভাতৃক

    আঞ্চলিক
    বৰপেটাত এটা হাঁহৰ বাবেই ককায়েকে হত্যা কৰিলে ভাতৃক
    ডিজিটেল ডেস্কঃ এটা হাঁহৰ বাবেই ককায়েকৰ হাতত নিহত হ'ল ভাতৃ। বৰপেটাৰ গান্ধীনগৰত সংঘটিত হ'ল এই লোমহৰ্ষক হত্যাকাণ্ড। 

    ৰবি প্ৰসাদক চুৰিৰে হানি হত্যা। ককায়েক গণেশ প্ৰসাদে চুৰিৰে হানি হত্যা কৰে ৰবি প্ৰসাদক। 

    দেওবাৰে নিশা সংঘটিত হয় এই নৃশংস হত্যাৰ ঘটনা। পৰিয়ালৰ লোকে জনোৱা মতে গণেশ প্ৰসাদে পোহনীয়া হাঁহ এটা বিক্ৰী কৰাক লৈয়ে দুই ভাই-ককায়েকৰ মাজত মনোমালিন্য হৈছিল। 

    পোহনীয়া হাঁহটো বিক্ৰীত বাধা দিয়াৰ বাবেই নিশাৰ ভাগত গনেশ প্ৰসাদে নিজ ভাতৃক চুৰিৰে হানি হত্যা কৰে। 

    ইপিনে হত্যাত অভিযুক্ত গনেশ প্ৰসাদে লগে লগে ঘৰৰ পৰা পলায়ন কৰে। 

    এটা পোহনীয়া হাঁহ বিক্ৰী কৰাক লৈ দুই ভাই-ককাইৰ মাজত হোৱা সংঘাতৰ পাছত এনেদৰে ককায়েকৰ হাতত ভাতৃ নিহত হোৱাৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। 

    ইতিমধ্যে নিশাৰ ভিতৰতে আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো বৰপেটা মেডিকেল কলেজ লৈ প্ৰেৰণ কৰিছে। 

    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino online