ডিজিটেল ডেস্কঃভাৰতীয়সকলে যৌনতাৰ বিষয়ে কথা পাতিবলৈ কিয় লাজ পায়, তাৰেই কাৰণ বিচাৰি এতিয়া হাবাথুৰি খাইছে ৰণবীৰে সিঙে৷ ৰণবীৰ সিং সদায় স্পষ্টবাদী । সামাজিক বিষয়ত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰিবলৈ তেওঁ কোনোদিনে দ্বিধাবোধ কৰা নাই।সেয়ে তেওঁ যৌনতাৰ বিষয়ে স্পষ্ট মন্তব্য প্ৰকাশ কৰি কৰি বহুতকে বিমোৰত পেলাইছে।
উল্লেখ্য ৰণবীৰৰ বিতৰ্কিত ফটোশ্বুটে দেশত আলোড়ণৰ সৃষ্টি কৰিছিল। কিন্তু যিমানেই বিতৰ্কত জড়িত হয়, সিমানেই ৰণবীৰে তেওঁ যি ভাবে সেয়া কৰি দেখুৱায়।ৰণবীৰে আকৌ এবাৰ যৌনতাৰ বিষয়ে ভাৰতীয়সকলৰ সংকোচকলৈ প্ৰশ্ন কৰিছে। তেওঁ দীৰ্ঘদিন ধৰি এজন অভিনেতা হিচাপে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ অনুৰাগীসকলক মনোৰঞ্জন দিয়াত তেওঁ কোনো কাৰ্পণ্য কৰা নাই। অভিনেতাজন কন্ডম মাৰ্কেটিং কোম্পানীৰ প্ৰচাৰত জড়িত হোৱাৰ পিছৰে পৰাই বহুতৰে বাবে এজন 'যৌন আইকন' হৈ আছে।
যৌনতাৰ বিষয়ে অভিনেতাজনে কয়, "যৌনতা এটা অতি সুন্দৰ আৰু প্ৰাকৃতিক বস্তু। সকলোৱে যৌন সম্পৰ্ক বিচাৰে আৰু ই বেয়া বা লেতেৰা বস্তু নহয়। গতিকে এই ক্ষেত্ৰত সংস্কাৰৰ পিঞ্জৰাত বন্দী হৈ থকাৰ কোনো কাৰণ নাই। "
যৌনতাৰ প্ৰতি অজ্ঞতা এই দেশৰ সমস্যা বুলিও তেওঁ কয়। অভিনেতাজনে এইবুলিও প্ৰশ্ন কৰে যে ভাৰতীয়সকলে যৌনতাৰ বিষয়ে কথা পাতিবলৈ কিয় লাজ পায়।
ৰণবীৰে কয় "ভাৰতীয়সকলে যৌনতাৰ বিষয়ে কিয় এনে মানসিকতা লৈ আহিছে তাৰ কাৰণ বিচাৰি উলিয়াব লাগিব। মানুহে যৌনতাকলৈ কৌতুক কৰে, ইয়াক উপহাস কৰে, কিন্তু যেতিয়াই মুকলিকৈ কথা কোৱাৰ সময় আহে, তেওঁলোকে চুপ হৈ থাকে। যৌনতাৰ বিষয়ে এনে ব্যাপক ভণ্ডামি বেয়া কথা । দেশৰ এক বৃহৎ অংশৰ মানুহে এতিয়াও যৌনতাক 'নিষিদ্ধ' বিষয় বুলিয়েই গণ্য কৰে। "
Leave A Comment