• একেলগে জ্বলিব ১০খনকৈ চিতা ; দুৰ্ঘটনাত পতিত মহাকুম্ভ অভিমুখী বাহন

    ৰাষ্ট্ৰীয়
    একেলগে জ্বলিব ১০খনকৈ চিতা ; দুৰ্ঘটনাত পতিত মহাকুম্ভ অভিমুখী বাহন
    ডিজিটেল ডেস্ক: জীৱনক কেতিয়াবা এনেকৈয়ো কাঢ়ি লয় দেওলগা সময়ে।‌ এখন‌ বলেৰ’ বাহনেৰে ১০গৰাকী ভক্ত গৈ আছিল প্ৰয়াগৰাজলৈ। ত্ৰিবেণী সংগমস্থলীত পবিত্ৰ স্থান কৰাৰ দুৰ্বাৰ হেঁপাহ আছিল তেওঁলোকৰ। পিছে ৰাজপথতে মৃত্যুৰ চিঞৰ। নিমিষতে থানবান ১০গৰাকী ভক্তৰ জীৱনৰথ। ইশ্বৰসেৱা কৰিবলৈ গৈ নীৰৱে হেৰাই গ'ল ভক্ত। 

    প্ৰয়াগৰাজত সংঘটিত হয় এক বৃহৎ পথ দুৰ্ঘটনা। শুকুৰবাৰে নিশা প্ৰায় ২ বজাত মেজাৰ আমিলিয়া গাঁৱৰ সমীপৰ প্ৰয়াগৰাজ-মিৰ্জাপুৰ ঘাইপথত এখন বলেৰ’ আৰু এখন বাছৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়৷ 

    দুৰ্ঘটনাত ১০ গৰাকী লোকৰ থিতাতে মৃত্যু হয়। একে সময়তে ১৯ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। আটাইকেইগৰাকীয়ে আছিল ছত্তীশগড়ৰ কোৰবা জিলাৰ বাসিন্দা। বলেৰ’ত যাত্ৰা কৰা দহোগৰাকী ভক্তৰ আটাইগৰাকীয়েই পবিত্ৰ স্নানৰ বাবে গৈছিল মহা কুম্ভলৈ। ইফালে সংগমত স্নান কৰিয়েই বাৰাণসীলৈ গৈছিল বাছখন। বাছখনত যাত্ৰা কৰা ১৯গৰাকী ভক্তও আহত হয় দুৰ্ঘটনাটোত৷ 

    আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃত্যু হোৱা সকলো পুৰুষ। আটাইকেইজনৰ বয়স ২৫ৰ পৰা ৪৫ বছৰৰ ভিতৰত বুলি কোৱা জানিব পৰা গৈছে৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই দুৰ্ঘটনাৰ পাছত বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছে। মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী যোগীয়ে। ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ লৈ গৈ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
    sv388sv388sabung ayam onlinesv388live casinosv388slot server thailandagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive casino onlinesitus slot gacorlive casino onlinesabung ayam onlinesbobet88slot gacor malam iniINDOJAWA88INDOJAWA88sabung ayam onlinesabung ayam onlinesv388agen casino onlinesv388live baccarat onlineINDOJAWA88INDOJAWA88sv388INDOJAWA88INDOJAWA88sv388live casino onlinesv388live casino onlinemix parlay sbobetcasino onlinesabung ayam onlinesv388sv388live casino onlinesbobet88sv388sv388sv388live casino onlinesabung ayam onlineslot777slot gacoragen casino online