ডিজিটেল ডেস্কঃ শুকুৰবাৰে কেৰালাৰ বিত্তমন্ত্ৰী কে এন বালাগোপালে বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে৷ কেৰেলাৰ বিত্তমন্ত্ৰী গৰাকীয়ে বাজেট দাখিল কৰি কয় যে ৰাজ্যখনে বিত্তীয় সংকটৰ আটাইতকৈ তীব্ৰ পৰ্যায়ৰ পৰা ৰক্ষা পৰিছে।
বিত্তমন্ত্ৰীগৰাকীয়ে পিনাৰায় বিজয়ন নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ পঞ্চম বাজেট বিধানসভাত দাখিল কৰি কয় যে ৰাজ্যখনত আৰ্থিক বাধাই উন্নয়নত কোনো প্ৰভাৱ পেলাব পৰা নাই। ৰাজ্যখনে সন্মুখীন হোৱা বিত্তীয় সংকটৰ মাজতো ৰাজ্যখনে সকলো সমাজ কল্যাণমূলক আঁচনি আৰু উন্নয়নমূলক প্ৰকল্প সম্পন্ন কৰা হৈছে বুলি উল্লেখ কৰে৷
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজ্যই সন্মুখীন হোৱা আৰ্থিক সংকটৰ আটাইতকৈ তীব্ৰ পৰ্যায় শেষ হৈছে। এতিয়া ৰাজ্যৰ অৰ্থনীতিৰ বৃদ্ধিৰ হাৰে ১০.৫ শতাংশ স্পৰ্শ কৰিছে। আৰু ৰাজ্যখনৰ ৰাজহৰ ঘাটিও হ্ৰাস কৰিব পৰা যাব বুলিও উল্লেখ কৰে।
বাজেটত ৱায়ানাড ভূমিস্খলনত ক্ষতিগ্ৰস্তসকলৰ পুনৰ সংস্থাপনৰ বাবে ৭৫০ কোটি টকাৰ প্ৰকল্পৰ কথা ঘোষণা কৰে৷ ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ বাজেটৰ আলোচনা হ’ব আৰু ১৩ ফেব্ৰুৱাৰীত পৰিপূৰক অনুদানৰ অনুৰোধৰ ওপৰত বিতৰ্ক আৰু ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
Leave A Comment