ডিজিটেল ডেস্ক : গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুর্ঘটনাটোৰ বিষয়ত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে মন্তব্য কৰি কয় যে অভিশপ্ত বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, সেইবাবে বিমানখনৰ পৰা যাত্ৰীসকলক বচোৱাৰ কোনো সুযোগেই নাছিল। বিমানখনত ইমান বেছি ইন্ধন থকাৰ বাবে বিমানখনত উষ্ণতা বেছি আছিল আৰু সেইবাবেই বিমানখন অতি সোনকালে অগ্নিকুণ্ডলৈ পৰিণত হয়।
লণ্ডন অভিমুখী বিমানখন দুর্ঘটনাগ্রস্ত হোৱাৰ বাতৰি পোৱাৰ পাছতেই গৃহ মন্ত্রী শ্বাহ আহমেদাবাদলৈ ৰাওনা হয় আৰু দুর্ঘটনাস্থলী পৰিদৰ্শন কৰে। অমিত শ্বাহে হস্পিটেলত আহতসকলৰ অৱস্থাৰ বিষয়েও বুজ লয়।
শ্বাহে কয় যে অতিমাত্রা দাহ্য ইন্ধন থকাৰ বাবে বিমানখনত উষ্ণতা বৃদ্ধি কৰিছিল আৰু ইয়াৰ বাবে যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰাৰ কোনো সুযোগেই নাছিল।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment