• পথ দুৰ্ঘটনাত থিতাতে মৃত্যু পিতৃ আৰু দুই শিশু সন্তানৰ! মাতৃৰ অৱস্থা সংকটজনক

    ৰাষ্ট্ৰীয়
    পথ দুৰ্ঘটনাত থিতাতে মৃত্যু পিতৃ আৰু দুই শিশু সন্তানৰ! মাতৃৰ অৱস্থা সংকটজনক
    ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত শেষ হৈ গ’ল এটা সুখী পৰিয়াল। লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত পিতৃ আৰু দুটি শিশু সন্তানে চিৰদিনলৈ চকু মুদিলে আৰু মাতৃ সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। একে সময়তে ট্ৰেভেলাৰখনত থকা ২৫ জন যাত্ৰী আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে। উন্নাও জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

    তথ্য অনুসৰি ৩৫ বছৰীয়া ৰাঘবেন্দ্ৰ সিং, পত্নী নন্দিনী, ৩ বছৰীয়া পুত্ৰ আৰু ১ বছৰীয়া কন্যাৰ সৈতে এই পৰিয়ালটো এক বিবাহ অনুষ্ঠানৰ পৰা উভতি ঘৰলৈ আহি আছিল। তাৰপাছত পুৱা প্ৰায় ৫.৩০ বজাত উন্নাওৰ বাংগাৰমৌ থানা এলেকাত লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত পৰিয়ালটোৰ গাড়ীখনৰ এখন ট্ৰেভেলাৰৰ  সৈতে সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ৰাঘবেন্দ্ৰ সিং আৰু দুই সন্তানৰ থিতাতে মৃত্যু হোৱাৰ লগতে নন্দিনীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

    ট্ৰেভেলাৰত যাত্ৰা কৰা লোকসকল প্ৰয়াগৰাজ মহাকুম্ভৰ পৰা উভতি আহিছিল। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে ট্ৰেভেলাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে, যাৰ ফলত ট্ৰেভেলাৰখনত থকা ২৫জন লোক আহত হয়। আৰক্ষীয়ে তথ্য লাভ কৰি মৃতদেহকেইটা নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু আহতসকলক হাস্পতালত ভৰ্তি কৰায়। 

    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388judi baccarat onlineagen mix parlaysv388sabung ayam onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino onlinesanjayausta.comppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idserver thailandrahicare.com