• 'ধন্যবাদ ভৱেশ দা'-বিজেপি সভাপতিৰ কথামতেই তিনিজনকৈ উঠিল এখন স্কুটীতে

    ৰাজনৈতিক
    'ধন্যবাদ ভৱেশ দা'-বিজেপি সভাপতিৰ কথামতেই তিনিজনকৈ উঠিল এখন স্কুটীতে

    ডিজিটেল ডেস্ক: ‘চাইকেল চলাওক, নহ’লে বাইকত ৩জন উঠক!’ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উদ্ভট মন্তব্য কৰাৰ পাছতে ৰাজ্যজুৰি বিষয়টিয়ে চৰ্চা লাভ কৰিছে। নেতাগৰাকীয়ে কৰা মন্তব্যৰ পাছতেই ছ’চিয়েল মিডিয়াত ইতিকিঙৰ সন্মুখীন হৈছে তেওঁ৷ দামবৃদ্ধিত হাবাথুৰি খোৱা জনতাক লৈ উপলুঙাসূচক মন্তব্য কৰি তুমুল বিতৰ্কৰ সন্মুখীন হৈছে কলিতা৷





    ইতিমধ্যে, তেওঁ কৰা এনে মন্তব্যৰ বাবেই জাঙুৰ খাই উঠিছে সৰ্বসাধৰাণ জনতাকে ধৰি বিভিন্ন দল-সংগঠন৷ যাৰ বাবে আজি বাইকত তিনিগৰাকীকৈ উঠি কছাৰীৰ ৰাজপথত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। স্কুটীৰ আগত প্ৰতিবাদকাৰীয়ে ‘ভৱেশ দা ধন্যবাদ’ বুলি লিখি অভিনৱ প্ৰতিবাদ সাব্যস্থ কৰে৷





    দেওবাৰে মন্ত্ৰী ভৱেশ কলিতাই পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্যৰ ওপৰত মন্তব্য কৰিছিল৷ তেওঁৰ মতে, গাড়ী-মটৰৰ সংখ্যা বেছি হোৱাৰ বাবেহে হেনো বঢ়িছে পেট্ৰ’লৰ দাম। ইপিনে জনসাধাৰণক খোজকাঢ়ি অথবা চাইকেল চলাবলৈ আহ্বান জনাইছিল তেওঁ৷ প্ৰয়োজনত এখন বাইকত ৩জনকৈ উঠাৰ পৰামৰ্শও দিছিল সভাপতিগৰাকীয়ে।