ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে কেপ্টেইন অমৰিন্দৰ সিঙে। দলীয় কন্দলত জৰ্জৰিত পঞ্জাৱৰ কংগ্ৰেছী ৰাজনীতিৰ বাবে এয়া এক মোক্ষম আঘাত বুলি গণ্য কৰা হৈছে।উল্লেখ্য যে প্ৰায় এমাহ ধৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ তীব্ৰ সংঘাত চলি আছিল আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা নৱজ্যোৎ সিং সিদ্ধুৰ সৈতে।
পদত্যাগৰ পিছতে সিঙে কয় যে, তেওঁ কংগ্ৰেছৰ মজিয়াত নিজকে অপমানিত হোৱা যেন অনুভৱ কৰিছিল। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক তেওঁ জনায় যে নিজৰ আস্থাৰ যিকোনো ব্যক্তিক তেওঁৰ আসনত বহুৱাব পৰাকৈ তেওঁলোক এতিয়া মুক্ত!
কেপ্টেইন অমৰিন্দৰ সিং
সময়ত তেওঁ নিজৰ বাবে উপলব্ধ সুযোগসমূহ ব্যৱহাৰ কৰিব বুলিও জনায় সিঙে।যি নহওক, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনলৈ মাজত প্ৰায় এবছৰ থকাৰ সময়ত অমৰিন্দৰ সিঙৰ পদত্যাগে কংগ্ৰেছ দলক যে ভীষণভাৱে ক্ষতিগ্ৰস্ত কৰিব সেয়া নিশ্চিত।
Leave A Comment