• আছাদুদ্দিন ওৱেইছি ‘ভাইৰাছ’, সংখ্যালঘু মৰ্চা ইয়াৰ ভেকচিন: বিজেপি নেতা ৰাধামোহন সিঙ

    ৰাজনৈতিক
    আছাদুদ্দিন ওৱেইছি ‘ভাইৰাছ’, সংখ্যালঘু মৰ্চা ইয়াৰ ভেকচিন: বিজেপি নেতা ৰাধামোহন সিঙ

    ডিজিটেল ডেস্ক: আছাদুদ্দিন ওৱেইছি আৰু বিজেপি নেতাৰ মাজৰ বাকযুদ্ধ কোনো নতুন খবৰ নহয়। শেহতীয়াকৈ তেওঁক ‘ভাইৰাছ’ বুলি কটাক্ষ কৰিলে বিজেপি নেতা ৰধামোহন সিঙে। বৰ্ষীয়ান বিজেপি নেতাগৰাকীৰ দাবী, বিজেপিৰ সংখ্যালঘু মৰ্চাই হ’ল আছাদুদ্দিন ওৱেইছি নামৰ ভাইৰাছবিধৰ ভেকচিন।






    উল্লেখ্য যে উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন সমাগত। এনে সময়ত এফালে যোগী আদিত্যনাথে ৰাজ্যখনত দলৰ আধিপত্য ধৰি ৰখাৰ চেষ্টা চলাই আছে, আনপিনে আছাদুদ্দিন ওৱেইছিয়েও ৰাজ্যখনত নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বিহাৰত প্ৰয়োগ কৰা সূত্ৰই যে এ আই এম আই এম প্ৰধান ওৱেইছিয়ে উত্তৰ প্ৰদেশতো প্ৰয়োগ কৰিব বিচাৰিছে সেয়া নিশ্চিত।খবৰ অনুসৰি, ৰাজ্যখনৰ অতি কমেও ১০০ টা সমষ্টিত দলীয় প্ৰাৰ্থী থিয় কৰোৱাৰ পৰিকল্পনা কৰিছে তেওঁ।






    ৰাজ্যখনত ওৱেইছিৰ এই তৎপৰতাক মুঠেও ভাল দৃষ্টিৰে লোৱা নাই গেৰুৱা শিবিৰে।সেইবাবেই শুক্ৰবাৰে বিহাৰৰ মোতিহাৰি অঞ্চলত দলৰ সংখ্যালঘু মৰ্চাৰ এখনি সভাত ভাষণ প্ৰদান কৰি অক্ৰমণাত্মক হৈ পৰে নেতা ৰাধামোহন সিঙ আৰু তেওঁক আখ্যা দিয়ে ‘ভাইৰাছ’ বুলি।
    উল্লেখ্য যে বিহাৰ বিধানসভা নিৰ্বাচনত ওৱেইছিৰ দল এ আই এম আই এমে লাভ কৰিছিল ৫ খন আসন। উত্তৰ প্ৰদেশত তাতকৈও ভাল ফল আশা কৰা ওৱেইছিয়ে শেহতীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল যোগী আদিত্যনাথকো। যি নহওঁক, ওৱেইছি আৰু আদিত্যনাথৰ এই সংঘাতে ৰাজ্যখ্নৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক কি পৰ্যায়লৈ লৈ যায় সেয়াহে লক্ষ্যণীয় হ’ব।