National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
ডিজিটেল ডেস্ক: ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ পিছৰে পৰা খালী হৈ থকা ৰাজ্যসভাৰ আসনখনৰ বাবে প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰা হৈছে তেওঁৰ। উল্লেখ্য যে ৰাজ্যসভাৰ উপ- নিৰ্বাচন অনুষ্ঠিত হ’ব ৪ অক্টোৱৰত।
শনিবাৰে বিজেপিয়ে সোণোৱালৰ লগতে প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰে এল মুৰুগানৰো।মধ্যপ্ৰদেশৰ আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুৰুগান বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ কনিষ্ঠ মন্ত্ৰী। দুয়োকে ৭ জুলাইত কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়া হৈছিল।
৪ অক্টোৱৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ’ল ২২ ছেপ্টেম্বৰ।নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ খালী আসন আৰু নিৰ্বাচন সম্পৰ্কে সবিশেষ তথ্য সদৰি কৰিছিল ৭ ছেপ্টেম্বৰত। উল্লেখ্য যে ৰাজ্যসভাৰ ছয়খন আসন খালী হৈ আছে। ইয়াৰে দুখন আসন তামিলনাডুৰ, এখন পশ্চিম বংগৰ,এখন মধ্য প্ৰদেশ আৰু এখন মহাৰাষ্ট্ৰৰ।
Leave A Comment