• বৰাকৰ পৰা অসমত যাত্ৰা আৰম্ভ হ'ব তৃণমূলৰ : শিলচৰত সুস্মিতাৰ হুংকাৰ

    ৰাজনৈতিক
    বৰাকৰ পৰা অসমত যাত্ৰা আৰম্ভ হ'ব তৃণমূলৰ : শিলচৰত সুস্মিতাৰ হুংকাৰ

    শিলচৰ : তৃণমূল কংগ্ৰেছৰ পৰা ৰাজ্যসভা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰ শিলচৰ স্বগৃহত উপস্থিত হৈছে তৃণমূল কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ। কলিকতাৰ পৰা বিমানযোগে উপস্থিত হৈছে কুম্ভীৰগ্ৰাম বিমানবন্দৰত। বিমানবন্দৰৰ পৰা সুস্মিতাৰ সমৰ্থকে উষ্ণ আদৰণী জনাই লৈ যায় শিলচৰ।‌





    ইপিনে শিলচৰত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত‌ বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ‌ দিয়ে তৃণমূল নেত্ৰী সুস্মিতা দেবে। তেওঁ কয়, "ময়ই কংগ্ৰেছ নহয়‌, এআইইউডিএফ নহয়। মই সুস্মিতা দেৱ, মোৰ নেত্ৰী মমতা বেনাৰ্জী।‌" বৰাকৰ পৰা বিজেপিৰ যাত্ৰা আৰম্ভণি হৈছিল আৰু আগন্তুক দিনত বৰাকৰ পৰা অসমত তৃণমূলৰ যাত্ৰা আৰম্ভ হ'ব বুলি সুস্মিতাই কয়।‌





    ইয়াৰ উপৰি ছিপাঝাৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিলে সুস্মিতা দেবে। তেওঁ হিমন্ত বিশ্বশৰ্মা এজন ব্যৰ্থ মুখ্যমন্ত্ৰী কোৱাৰ লগতে এতিয়া মমতা বানাৰ্জীৰ টাৰ্গেট ত্ৰিপুৰা বুলি উল্লেখ কৰে৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor