• মোদীৰ কেবিনেট : সৰ্বানন্দক গুৰুদায়িত্ব প্ৰদান৷ সলনি হ'ল ৰামেশ্বৰ তেলীৰ দপ্তৰ

    ৰাজনৈতিক

    নতুন দিল্লী : মোদীৰ কেন্দ্ৰীয় কেবিনেটত স্থান লাভ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ সোণোৱালক বন্দৰ, জাহাজ, আয়ুস দপ্তৰৰ দায়িত্ব প্ৰদান কৰা হয়৷ মোদীৰ মন্ত্ৰীসভাত এইবাৰ উত্তৰ-পূবৰ ৫জনক দায়িত্ব প্ৰদান কৰা হয়৷

    আনহাতে ৰামেশ্বৰ তেলীৰ দপ্তৰ সলনি হয় এই মন্ত্ৰীসভাত৷ পেট্ৰ’লিয়াম-প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী তেলী৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লৈছিল সোণোৱালে৷ মোদী মন্ত্ৰীসভাৰ নতুন সম্প্ৰসাৰণত ৩৬ গৰাকী নতুন মুখ৷ বুধবাৰে শপত গ্ৰহণ কৰে মুঠ ৪৩ গৰাকীয়ে মন্ত্ৰীয়ে৷

    Weather Forecast