comScore
  • মোদী বনাম মুছলমান: যদি আজি সুভাষ বসু জীয়াই থাকিলেহেতেন !

    ৰাজনৈতিক
    মোদী বনাম মুছলমান: যদি আজি সুভাষ বসু জীয়াই থাকিলেহেতেন !
    ডিজিটেল ডেস্ক: নেতাজী সুভাষ চন্দ্ৰ বসু জীয়াই থকা হ’লে নৰেন্দ্ৰ মোদী চৰকাৰে মুছলমানসকলৰ সৈতে কৰা আচৰণৰ তীক্ষ্ণ আৰু স্পষ্টবাদী সমালোচক হ’লহেঁতেন। এই মন্তব্য ‘নেতাজী’ৰ এগৰাকী আত্মীয় তথা ভাৰতীয় ইতিহাসবিদ সৌগত বসুৰ৷ সৌগত বসুৱে ভাৰতৰ এটা স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানক দিয়া এক সাক্ষাৎকাৰত কয়, ‘নেতাজী জীয়াই থাকিলে কোনেও গণহত্যাৰ আহ্বান জাৰি কৰিবলৈ সাহস নকৰিলেহেঁতেন।’ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ইতিহাসৰ গাৰ্ডিনাৰ অধ্যাপক আৰু কলিকতাৰ নেতাজী গৱেষণা ব্যুৰোৰ অধ্যক্ষ বসুৱে লগতে কয় যে নেতাজীয়ে ধৰ্মীয় সংখ্যালঘুসকলৰ গভীৰ বিশ্বাসপোষণ কৰিছিল৷

    ২০১৪ চনৰ পৰা ২০১৯ চনলৈ তৃণমূল কংগ্ৰেছৰ পৰা লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা সৌগত বসুৰ মতে, ১৯৪০ চনত নেতাজীয়ে মহাত্মা গান্ধীয়ে লগ পোৱাৰ সাত বছৰ পূৰ্বেই মহম্মদ আলী জিন্নাক লগ কৰিছিল আৰু তেওঁক কংগ্ৰেছত যোগদান কৰিবলৈ কৈছিল৷ ভাৰতৰ ইতিহাসৰ এক অধ্যায়ৰ পুনঃস্মৰণেৰে তেওঁ পুনৰ কয় যে, যদি জিন্নাই তেনে কৰিলেহেঁতেন, তেন্তে জিন্না স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হ’লহেঁতেন৷ গান্ধীয়ে ১৯৪৭ চনত অন্তিম ব্ৰিটিছ ভাইচৰয় লৰ্ড মাউণ্টবেটেনক একেধৰণৰ পৰামৰ্শ দিছিল। বসুৱে কৈছে নেতাজীয়ে তেওঁৰ ‘দ্য ইণ্ডিয়ান ষ্ট্ৰাগল’ নামৰ কিতাপখনত এই বিষয়ে লিখি থৈ গৈছে।

    সাক্ষাৎকালত ইতিহাসবিদগৰাকীয়ে স্পষ্টকৈ কয় যে, নেতাজীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে একমত নহ’লহেঁতেন যে ভাৰতৰ ইতিহাসৰ চুলতান আৰু মোগল ৰাজত্বই ১,২০০ বছৰৰ দাসত্বক প্ৰতিনিধিত্ব কৰে। তেওঁৰ মতে, নেতাজীয়ে বিশ্বাস কৰিছিল যে চুলতান আৰু মোগৰ ৰাজত্বক মুছলমান শাসন হিচাপে বিবেচনা কৰাতো এটা ভুল সিদ্ধান্ত। হিন্দু আৰু মুছলমানসকলে একেলগে দেশখন শাসন কৰিছিল আৰু নেতাজীয়ে তেওঁৰ ‘এন ইণ্ডিয়ান পিলগ্ৰিম’ নামৰ কিতাপখনত লিখিছিল যে কেবিনেটৰ বহুতো বিশিষ্ট মন্ত্ৰী আৰু সেনাপতি হিন্দু আছিল। নেতাজীয়ে কেতিয়াও নিজকে উৰ্দুৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিলেহেঁতেন বা অসন্মান নকৰিলেহেঁতেন বুলি বসুৱে লগতে কয়। তেওঁ তেওঁৰ আইএনএৰ বাবে বাচনি কৰা মূলমন্ত্ৰটো আছিল তিনিটা উৰ্দু শব্দ – ‘ইত্তেহাদ, ইতমাদ আৰু কুৰবানী’৷

    বসুৱে কয়, নেতাজীয়ে ইচ্ছাকৃতভাৱে হিন্দুস্তানীক আইএনএৰ ভাষা হিচাপে বহুতো উৰ্দু শব্দৰ সৈতে বাচনি কৰিছিল। তেওঁ ইচ্ছাকৃতভাৱে ৰোমান লিপিও বাচনি কৰিছিল যাতে অ-হিন্দী আৰু অ-উৰ্দুভাষীসকলে পঢ়িবলৈ সহজ পায়। বসুৱে শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বিশ্লেষণ কৰি কয় যে, নেতাজীয়ে হৰিদ্বাৰৰ ধৰ্ম সংসদত শেহতীয়াকৈ কৰা গণহত্যাৰ আহ্বানক কেনেদৰে চাব পাৰিলেহেঁতেন! নেতাজীৰ সাম্প্ৰদায়িকতাৰ সমালোচনা আৰু হিন্দু ৰাষ্ট্ৰৰ বিৰোধিতাৰ বিষয়ে নেতাজীৰ আত্মীয়গৰাকীয়ে সাক্ষাৎকাৰটোত মন্তব্য কৰে৷
    scatter hitamslot thailandmpo slotsv388sabung ayam onlinemahjong ways 2agen bolasabung ayam onlineindojawa88akun pro thailandslot777link sabung ayam onlinesitus sabung ayam online 24 jambocoran scatter hitamlive casino onlinelink mahjong ways 2 terbaruscatter hitam mahjong wins 3link sbobetsabung ayam online terpercayasitus mix parlayakun vipsabung ayam online resmihttps://baliprodesign.com/ https://www.bhumisangtu.com/auth/dex/https://www.satudatadesa.com/https://www.bhumisangtu.com/auth/dir/https://www.bhumisangtu.com/auth/dist/https://scop3group.com/bin/lang/https://scop3group.com/bin/text/https://scop3group.com/bin/core/https://ipmmakassar.or.id/lib/h5p/Link Demo Mahjong Ways 2link agen sbobet loginLink Agen Sabung Ayam Onlinesbobetscatter hitamsv388mix parlaysabung ayam onlinesitus slot thailandLive Casino OnlineScatter HitamSV388Mix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter HitamSV388sv388slot gacoragen sabung ayamsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388