ডিজিটেল ডেস্কঃ ৰাজনীতিৰ চক্ৰবেহুত পেলাই বিৰোধী ৰাজনীতিকক নিজ দললৈ অনাৰ চেষ্টা অব্যাহত আছে দেশৰ শাসক দলৰ। পুথি-খলিহনাৰ সমাবেশেৰে পুখুৰী ঘোলা কৰাৰ চক্ৰান্তত ৰৌ-বৰালী হেৰুৱাইছে বিজেপি-এ। শেহতীয়াকৈ আন এজন প্ৰভাৱশালী নেতাই বিজেপি ত্যাগ কৰাৰ খবৰে খলকনি তুলিছে দেশৰ ৰাজনীতিত।
মমতাৰ দেশ পশ্চিমবংগত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই বিজেপি ত্যাগ কৰি শৰণাপন্ন হৈছে তৃণমূল কংগ্ৰেছৰ। 'যদি সুযোগ আপোনাৰ পথলৈ আহে, আপুনি সিদ্ধান্ত ল'ব লাগিব আৰু মই সিদ্ধান্ত লৈ ল'লো', সদ্য বিজেপিত্যাগী বাবুল সুপ্ৰিয়ই কয়।
নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰিত্ব ত্যাগ কৰিবলৈ বাধ্য কৰোৱাৰ পাছত অসন্তুষ্ট দেখা গৈছিল বাবুল সুপ্ৰিয়ক। মমতাৰ ক্ষমতাত পশ্চিমবংগত খোজ থৰকবৰক হৈছে বিজেপিৰ। উইকেট সৰিছে ধাৰাবাহিকভাবে। বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত মমতাৰ দললৈ ধাপলি মেলা পঞ্চমজন বিজেপি নেতা বাবুল সুপ্ৰিয়।
Leave A Comment