• ‘কাইলৈ আহক’-কাৰাগাৰত থকা চন্দ্ৰবাবু নাইডুৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

    ৰাজনৈতিক
    ‘কাইলৈ আহক’-কাৰাগাৰত থকা চন্দ্ৰবাবু নাইডুৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
    ডিজিটেল ডেস্কঃ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত প্ৰত্যাহ্বানৰ সমুখীন চন্দ্ৰবাবু নাইডু৷অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে ৰাজ্যৰ অপৰাধ তদন্ত বিভাগে স্কিলত সংঘটিত কেলেংকাৰীৰ অভিযোগত দাখিল কৰা এফ আই আৰ বাতিল কৰিব বিচৰা আবেদনখন সোমবাৰে গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰে৷

    ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে মঙলবাৰে সন্ধিয়া নাইডুৰ অধিবক্তাসকলক এই গোচৰৰ কথা উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়ে।ইয়াৰ পূৰ্বে শনিবাৰে এন চন্দ্ৰবাবু নাইডুৱে স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যনত সংঘটিত হোৱা কথিত কেলেংকাৰীৰ সৈতে জড়িত এফআইআৰ বাতিল কৰাৰ বাবে কৰা আবেদন খাৰিজ কৰি অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰে।উচ্চ ন্যায়ালয়ে তেওঁৰ ন্যায়িক জিম্মা ৮ অক্টোবৰলৈকে বৃদ্ধি কৰে।

    এন চন্দ্ৰবাবু নাইডুক ২০১৫ চনত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত দক্ষতা বিকাশ নিগমৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগত যোৱা ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল, যাৰ ফলত ৰাজ্যৰ ৰাজকোষত ৩০০ কোটিতকৈ অধিক টকাৰ কথিত লোকচান হৈছিল।গ্ৰেপ্তাৰৰ পাছত নাইডুক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ জিম্মা প্ৰদান কৰাৰ পূৰ্বে দুৰ্নীতি নিবাৰক ব্যুৰোৰ আদালতে তেওঁৰ ন্যায়িক জিম্মা ২৪ ছেপ্টেম্বৰলৈকে দুদিনৰ বাবে বৃদ্ধি কৰিছিল।