ৰাজকমল চাংকাকতি
দেশৰ ৰাজনীতিত বৰ্তমান বিজেপিৰ বাহিৰে আন এটা ৰাজনৈতিক দলৰ আত্মবিশ্বাস তুংগত। সেই দলটো হৈছে ‘আম আদমী পাৰ্টী’। পঞ্জাবৰ বিধানসভা নিৰ্বাচনত একপ্ৰকাৰ ক্লিন ছুইপ কৰাৰ পাছত এতিয়া অন্যান্য ৰাজ্যতো নিৰ্বাচনী সফলতা লাভৰ প্ৰয়াস ‘আপ’ৰ। দেশত সম্প্ৰতি এইবুলিও চর্চা আৰম্ভ হৈছে যে, ২০২৪ত বিজেপিৰ প্ৰধান প্ৰত্যাহ্বান হ’ব পাৰে ‘আপ’!
২০১২ চনৰ ২৬ নৱেম্বৰত
অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত ‘আপ’ প্ৰতিষ্ঠা হৈছিল। আৰম্ভণিৰেপৰাই বিজেপি আৰু কংগ্ৰেছক প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে গ্ৰহণ কৰিছিল দলটোৱে। ‘মোদী ঢৌ’ অব্যাহত থকাৰ মাজতে ২০১৫ চনত দিল্লী বিধানসভাৰ নিৰ্বাচনত বিজেপিক বিধ্বস্ত কৰিছিল ‘আপ’-এ। লগতে, শোচনীয়ভাৱে পৰাস্ত কৰিছিল কংগ্ৰেছকো। ৭০খন আসনৰ ৬৭খনকে দখলেৰে দিল্লীত চৰকাৰ গঠন কৰি দেশবাসীক চমক খুৱাইছিল দলটোয়ে। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰিয়েই দিল্লীবাসীক বিনামূলীয়া বিদ্যুৎ আৰু পানীযোগান ধৰিছিল আপ চৰকাৰে।
লগতে, চৰকাৰী শিক্ষা ব্যৱস্থাৰ মান যথেষ্ট উন্নত কৰিবলৈ সক্ষম হৈছিল। ‘মোহল্লা ক্লিনিক’ৰ দৰে কিছু নতুন ব্যৱস্থা গ্ৰহণেৰে চৰকাৰী স্বাস্থ্য সেৱা উন্নত কৰিছিল। এটা পৰ্যায়লৈ দুৰ্নীতিমুক্ত কৰি তুলিবলৈও সক্ষম হৈছিল প্ৰশাসনীয় ব্যৱস্থা। কর্মসংস্থাপনো প্ৰদান কৰিছিল ১০ লাখতকৈ অধিক। স্বাভাৱিকতে জনতা যথেষ্ট উপকৃত হৈছিল এনে পদক্ষেপসমূহত। যাৰ বাবে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা দলটোক দিল্লীবাসীয়ে ২০২০ চনতো ক্ষমতালৈ আনিছিল। এই সফলতাৰ পৰা উৎসাহিত হৈ আপে পঞ্জাবৰ নিৰ্বাচনৰ বাবে উন্নয়নৰ ৰাজনীতি আৰম্ভ কৰিছিল।
দিল্লীৰ উন্নয়নৰ দিল্লী মডেল প্ৰদৰ্শন কৰি পঞ্জাববাসীৰ পৰা ভোট বিচাৰিছিল আপ আৰু কেজৰিয়ালে। প্ৰতিশ্ৰুতি দিছিল দিল্লীৰ দৰেই উন্নয়ন সাধনৰ। পঞ্জাবক ড্ৰাগছ আৰু দুৰ্নীতিমুক্ত কৰাৰো কথা দিছিল দলটোৱে। প্ৰতিশ্ৰুতি দিছিল বিনামূলীয়া বিদ্যুৎ যোগানৰো। মুখ্যমন্ত্ৰী পদত প্ৰক্ষেপ কৰিছিল দলৰ নিষ্ঠাৱান কৰ্মী তথা পঞ্জাবৰে সাংসদ ভগৱন্ত মানক। আপৰ উন্নয়নৰ ৰাজনীতিৰ দিল্লী মডেলক বিশ্বাসত লৈছিল পঞ্জাববাসীয়ে আৰু বিপুল সমৰ্থনেৰে জয়যুক্ত কৰিছিল। বিধ্বস্ত হৈছিল কংগ্ৰেছ আৰু বিজেপি। একে সময়তে হোৱা নিৰ্বাচনত উত্তৰ প্ৰদেশত মোদী মেজিক চলিছিল যদিও পঞ্জাবত সমূলি ব্যৰ্থ হৈছিল প্ৰধানমন্ত্ৰী মোদী। পঞ্জাবত কেনেদৰে কেজৰিৱাল আৰু ভগৱন্ত মানে আপৰ পক্ষত ঢৌৰ সৃষ্টি কৰিছিল, তাৰ প্ৰমাণ ওলাইছিল মোবাইল মেকানিক লাভ সিঙে শোচনীয়ভাৱে কংগ্ৰেছী মুখ্যমন্ত্ৰী চৰণজিত সিং চন্নীক পৰাস্ত কৰাত। পঞ্জাবৰ দৰে বৃহৎ ৰাজ্যত সফলতা লাভ কৰাৰ পাছত স্বাভাৱিকতে উৎসাহিত আপৰ নেতা-কৰ্মী। উন্নয়ন আৰু বিকাশৰ ৰাজনীতিক দেশৰ অন্য ৰাজ্যৰ জনতাইয়ো গ্ৰহণ কৰিবলৈ প্ৰস্তুত বুলি এতিয়া আত্মবিশ্বাসী অৰৱিন্দ কেজৰিৱাল।
‘আপ’ৰ পৰৱৰ্তী লক্ষ্য এতিয়া গুজৰাট আৰু হিমাচল প্ৰদেশ। প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাটত এতিয়াই ক্ষমতা দখল কৰিব নোৱাৰিব বুলি কেজৰিৱালে জানে। এই ৰাজ্যখনত বিৰোধী দল কংগ্ৰেছৰ স্থান লোৱাৰ লক্ষ্য আপৰ। ইতিমধ্যে বিগত বৰ্ষত অনুষ্ঠিত পৌৰসভা নিৰ্বাচনত বিভিন্ন পৌৰসভাত একাংশ বিজেপি বিৰোধী নাগৰিকৰ সমৰ্থন লাভ কৰিছে দলটোৱে। আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ভোট নিজৰ ফলীয়া কৰাৰ লক্ষ্য দলটোৰ। ইয়াৰ জৰিয়তে গুজৰাটত প্ৰাৰম্ভিক ভেটি স্থাপন কৰিব খুজিছে আপে। পৰৱৰ্তী পৰ্যায়ত বিজেপিৰ ভোট বেংকত আঘাত কৰিব কেজৰিৱালে।
আনহাতে, ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া হিমাচল প্ৰদেশৰ নিৰ্বাচনত আপে সন্তোষজনক সফলতা অৰ্জন কৰাৰ সম্ভাৱনা প্ৰৱল। কেজৰিৱালে ৰাজ্যখনৰ চাম্বিত কৰা জনসভাত জনতাৰ পাৰ ভঙা উছাহ পৰিলক্ষিত হৈছিল। আপ নেতাজনে এই জনসভাত এটা কথাই স্পষ্টকৈ জনতাক কৈছিল- ‘আপোনালোকে আমাক এবাৰ সুযোগ দিয়ক, আমাৰ কাম চাই লওক।’ দিল্লী মডেলৰ দৰেই বিকাশৰ প্ৰতিশ্ৰুতি হিমাচলবাসীক দিছে আপৰ ৰাষ্ট্ৰীয় সমন্বয়কজনে। দিছে যুৱ-প্ৰজন্মক যথোচিতভাৱে কৰ্মসংস্থাপন প্ৰদানৰ প্ৰতিশ্ৰুতি। এতিয়া আগন্তুক মাহকেইটাত ৰাজ্যখনৰ ৰাজনীতি লক্ষ্যণীয় হ’ব। বিশেষকৈ বিজেপিৰ সৈতে আপৰ ৰাজনৈতিক যুঁজখন লক্ষ্যণীয় হ’ব। হিমাচলত কংগ্ৰেছৰ ভোট যদি আপে বৃহৎ হাৰত নিজৰ পক্ষলৈ আনিব পাৰে, তেন্তে ৰাজ্যখনত আপে চৰকাৰ গঠন কৰাটোও আচৰিত কথা নহ’ব।
দেশৰ বিৰোধী ৰাজনীতিত এতিয়া এটা ট্রেণ্ড দেখা হৈছে। সেইটো হৈছে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ভোট আপলৈ স্থানান্তৰ হোৱাতো। দিল্লী আৰু পঞ্জাবত সেই স্থানান্তৰ সংঘটিত হৈ গৈছে। গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনতো বিজেপিক বিৰোধিতা কৰা কংগ্ৰেছ সমৰ্থকৰ বুজন সংখ্যকৰ ভোট পৰিল আপৰ পক্ষত। কেজৰিৱালৰ কামৰ ৰাজনীতিত আশ্বস্ত হৈয়ে কংগ্ৰেছৰ সমৰ্থকসকল এতিয়া ‘আপ’মুখী হৈছে। আনহাতে, দলৰ ধাৰাবাহিক নিৰ্বাচনী ব্যৰ্থতা তথা অন্তঃকন্দলৰ বাবে হতাশাগ্ৰস্ত হৈছে কংগ্ৰেছৰ সমৰ্থকসকল। বিজেপিক প্ৰত্যাহ্বান জনাব পৰা বিৰোধী বিকল্প হিচাপে আপক সম্প্ৰতি কংগ্ৰেছৰ সমৰ্থকসকলে আদৰি লৈছে। আনহাতে, কোনো দলৰ প্ৰতি আনুগত্য নথকা সমাজৰ একাংশ সচেতন নাগৰিক আপৰ পক্ষলৈ মুকলিকৈ আহিছে।এনে পৰিস্থিতিত আগন্তুক নিৰ্বাচনসমূহত আপ আৰু কেজৰিৱালৰ হাত শক্তিশালী হোৱাৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল।
লাহে লাহে স্পষ্টকৈ ক’ব পৰা হৈছে যে দেশত কংগ্ৰেছৰ স্থান ল’বলৈ আৰম্ভ কৰিছে আপে। আগন্তুক দুটা বছৰত যদি এনেদৰেই দেশত কংগ্ৰেছৰ পৰা আপৰ পক্ষলৈ সমৰ্থকৰ সোঁত বৈ থাকে, তেন্তে ২০২৪ত নিশ্চিতভাৱে বিজেপিৰ বাবে মুখ্য প্ৰত্যাহ্বান হৈ পৰিব আপ। ২০১৪ আৰু ২০১৯ত লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি সফল হ’ব পৰা নাছিল আপ। ২০১৪ত লাভ কৰিছিল চাৰিখন আৰু ২০১৯ত মাত্ৰ এখন আসন। কিন্তু ২০২৪ৰ লোকসভা নিৰ্বাচনত পৰিস্থিতি পৰিৱৰ্তন কৰাৰ দুৰ্বাৰ আকাংক্ষা কেজৰিৱালৰ। ২৪ত বুজন সংখ্যক আসন দখল কৰি মোদীক প্ৰকৃতাৰ্থত প্ৰত্যাহ্বান জনোৱাৰ প্ৰচেষ্টা এতিয়া আত্মবিশ্বাসী কেজৰিৱালৰ।
Leave A Comment